অসম

assam

ETV Bharat / state

আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ - আছু

সোমবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিয়ে ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই শপত গ্ৰহণ অনুষ্ঠান ৷

as_ghy_aasu-new-committee-oath-taking_vis_as10002
আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপতগ্ৰহণ

By

Published : Nov 30, 2020, 6:21 PM IST

Updated : Nov 30, 2020, 6:36 PM IST

গুৱাহাটী, 30 নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ ৷ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই শপত গ্ৰহণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত ৬০ জনীয়া কাৰ্যনিৰ্বাহক কমিটিয়ে আনুষ্ঠানিকভাৱে নিজৰ দায়িত্ব গ্ৰহণ কৰে। পুৰণি কমিটিৰ সদস্যক বিদায় দি এই নতুন সমিতিয়ে শপতবাক্য পাঠ কৰে । এই অনুষ্ঠানত সকলো নৱ নিৰ্বাচিত সদস্যকে উষ্ম আদৰণি জনোৱা হয় ।

আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপতগ্ৰহণ

সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই । শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত আৰু অসমৰ জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত আছুৱে সদায়ে মাত মাতি যাব। আছুৰ অৰাজনৈতিক ধাৰা অক্ষুন্ন ৰাখি সদায় ৰাইজৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে শংকৰজ্যোতিয়ে । আগন্তুক প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকতে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, অহা ৩ ডিচেম্বৰত আছুৰ সদ্য পদত্যাগী লুৰিণজ্যোতি গগৈৰ বিদায় সভা অনুষ্ঠিত হ'ব। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পুৰণি সদস্যসকলৰ বিদায় পৰ্বও পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব বুলি জনায় আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখযোগ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি আছুৰ আটাইকেইগৰাকী কাৰ্যনিৰ্বাহক সদস্য।

লগতে পঢ়ক-৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

Last Updated : Nov 30, 2020, 6:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details