অসম

assam

ETV Bharat / state

AASU protest : চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ মাহজোৰা আন্দোলন - চৰকাৰৰ আকোঁৰগোজ স্থিতি

আজিৰে পৰা আৰম্ভ হ’ল চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ মাহজোৰা আন্দোলন (AASU protest in Guwahati) ৷ এই আন্দোলনৰ প্ৰথম কাৰ্যসূচী হিচাবে আজি হোটেল প্ৰাগ কণ্টিনেণ্টেলত ৰাজ্যৰ সকলো স্বীকৃতিপ্ৰাপ্ত শিক্ষক-সংগঠনৰ সৈতে আলোচনাত মিলিত হয় আছুৰ বিষয়ববীয়া । গ্ৰহণ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

AASU protest in Guwahati
আছুৰ এমাহজোৰা আন্দোলন

By

Published : May 28, 2023, 4:03 PM IST

আছুৰ এমাহজোৰা আন্দোলন

গুৱাহাটী, ২৮ মে’ :আজি অৰ্থাৎ দেওবাৰৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হৈছে চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ মাহজোৰা আন্দোলনৰ কাৰ্যসূচী (AASU protest in Guwahati) । অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে হঠকাৰী, আকোঁৰগোজ স্থিতি পৰিহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে এই আন্দোলনৰ কাৰ্যসূচী (AASU protest against Assam Govt)। এই কাৰ্যসূচীৰ অংশ স্বৰূপে দেওবাৰে হোটেল প্ৰাগ কণ্টিনেণ্টেলত ৰাজ্যৰ সকলো স্বীকৃতিপ্ৰাপ্ত শিক্ষক সংগঠনৰে আলোচনাত মিলিত হয় আছুৰ বিষয়ববীয়া ।

প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষক তথা সংগঠনৰ সদস্যসকল উপস্থিত থাকে এই বৈঠকত । এই বৈঠকতে ৰাজ্য চৰকাৰক কঠোৰ ভাষাকে সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘আমি আন্দোলনৰ বাবে আন্দোলন নকৰো । চৰকাৰে আকোঁৰগোজ ভূমিকা গ্ৰহণ কৰি থকাৰ বাবে আমাৰ হাতত বিকল্প নাই । অসমীয়া, বড়ো আৰু সকলো জনগোষ্ঠীৰ মাধ্যম সুৰক্ষিত হ'ব লাগিব । বিজেপিয়ে এই বিষয়টো এৰাই চলিছে । আন্দোলন কৰাৰ বাহিৰে বিকল্প নাই’’ ।

মাতৃভাষাৰ বিষয়ক লৈ চৰকাৰৰ আকোঁৰগোজ স্থিতিয়ে আন্দোলনৰ মুখলৈ থেলি দিছে বুলি উল্লেখ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘চৰকাৰে মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক । চৰকাৰক বাধ্য কৰাম এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ । চৰকাৰে বাবে অভিভাৱকসকল বিমূৰত পৰিছে । গোটেই ব্যৱস্থাটোৱে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহক আঘাত কৰিব । ভৱিষ্যত অন্ধকাৰ কৰিছে অসমৰ মাধ্যমিক বিদ্যালয়সমূহক ৷’’

উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা এই মাহজোৰা প্ৰতিবাদৰ ৩১ মে’ৰ দিনা প্ৰতিখন আঞ্চলিকত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব । ৬ জুনত গুৱাহাটীত গণ সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

৮ জুনৰ পৰা ১৪ জুনলৈকে আঞ্চলিকে জন সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । লগতে ১৫ জুনত জিলাৰ সদৰত বিক্ষোভ কাৰ্যসূচী, ২৪ জুনত চাইকেল শোভাযাত্রা আৰু ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা আদি অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক :Rebellion in BJP : বিজেপিৰ বিদ্ৰোহক লৈ জিলা সভাপতিৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details