গুৱাহাটী, ২৮ জানুৱাৰী: ছেবা কৰ্তৃপক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ (AASU meets SEBA authority over HSLC exam)। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (AASU GS Sankor Jyoti Barua) সহিতে ৫জনীয়া প্ৰতিনিধি দলে শুকুৰবাৰে বামুনিমৈদামৰ কাৰ্যালত সাক্ষাৎকৰে ছেবা কর্তৃপক্ষক । আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ সৈতে বৈঠকত মিলিত হয় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব ।
সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভিযোগ সন্দৰ্ভতো আছুৱে ছেবা কৰ্তৃপক্ষক অৱগত কৰে । উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কৰ্তৃপক্ষ সাজু হৈ আছে কিন্তু ক’ভিড পৰিস্থিতিয়ে দিব পৰা বাধাৰ মাজত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব, পাঠ্যক্ৰম কেনেদৰে নিৰ্ধাৰণ কৰিব সেই সন্দৰ্ভত ছেবা অধ্যক্ষ গৰাকীৰ সৈতে এই বৈঠকত আলোচনা কৰা বুলি সদৰি কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।