গুৱাহাটী, 31 মাৰ্চঃ দেওবাৰে মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় এটি ভিডিঅ’ গীত। কস্তুৰীমেধিয়ে প্ৰযোজনা কৰা আৰু খনীন মেধিয়ে লিখি উলিওৱা গীতটোত কন্ঠদান কৰিছে শৰৎ দাসে ।
"আই অ’ আই" ৰ শুভমুক্তি - song release
মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত উন্মোচন "আই অ’ আই" শীৰ্ষক গীতটি ৷
"আই অ’ আই" ৰ শুভমুক্তি
"আই অ’ আই" শীৰ্ষক গীতটি দেওবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে লেখিকা পৰিণীতা বুজৰবৰুৱাই । এই ভিডিঅ’ গীতটিত অভিনয় কৰিছে প্ৰতিভা চৌধুৰী, উদয়ন দুৱাৰ আৰু নীলিম বৰাই ।
চিত্ৰনাট্য আৰু পৰিচালনা সৌৰভ শইকীয়াৰ । এগৰাকী মাতৃৰ মৰম আৰু দায়িত্ববোধৰ ওপৰত নিৰ্মিত গীতটিয়ে সকলোকে আপ্লুত কৰিব বুলি আশাবাদী প্ৰযোজক গোষ্ঠী ।