গুৱাহাটী, 1 জুলাইঃলক ডাউনে সলনি কৰিছে বহু লোকৰে জীৱনৰ গতিপথ ৷ ব্যতিক্ৰম নহয় নলবাৰীৰ এগৰাকী লোকো ৷ নলবাৰীৰ ভগৱান শৰ্মা নামৰ লোকগৰাকীয়ে দুচকত বহু সপোন লৈ ১৯৯৮ চনতে কিবা এটা কৰাৰ মানসেৰে ওলাই আহিছিল গুৱাহাটীলৈ ৷ মহানগৰীত বহু কষ্টৰ মাজেৰে নিজৰ সপোনবোৰ ক্ৰমান্বয়ে বাস্তৱায়িত কৰিব লওতেই সময়ে সম্প্ৰতি তেওঁক ৰূপান্তিৰত কৰিছে পদপথৰ বাসিন্দা হিচাপে ৷ এটা সৰু চাকৰিৰে তেওঁ ভৰণ-পোষণ দি আছিল পত্নী-সন্তানেৰে ভৰা তেওঁৰ সংসাৰখন ৷ কিন্তু লক ডাউনৰ ফলত তেওঁ চাকৰি হেৰুওৱাৰ লগতে, ভাড়া দিব নোৱাৰি হেৰুৱালে আশ্ৰয়স্থলো ৷ সকলো হেৰুওৱাৰ পিচত পত্নী-পুত্ৰইয়ো এৰি থৈ গ'ল তেওঁক ৷
গুৱাহাটীৰ ৰাজপথত ভগৱানৰ বিলৈ - লক ডাউন
১৯৯৮ চনতে কিবা এটা কৰাৰ মানসেৰে নলবাৰীৰ ভগৱান শৰ্মা নামৰ লোকগৰাকী ওলাই আহিছিল গুহাটীলৈ ৷ কিন্তু তেওঁৰ সপোনবোৰ বাস্তৱায়িত হ'ব ধৰোতেই লক ডাউনে স্তব্ধ কৰিলে তেওঁৰ জীৱন ৷
a person lost his everything due to lock down
সৰ্বস্বান্ত হৈ ভগৱান শৰ্মাৰ আশ্ৰয়স্থল এতিয়া হৈ পৰিছে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত ৷ পানীৰেই ক্ষুধা নিবাৰণ কৰিছে ভগৱান শৰ্মাই ৷ কোনোবাই খাবলৈ কিবা এটা দিলেও খাব নোৱাৰে ভগৱান শৰ্মাই, কেৱল পানী খাইয়ে চলি আছে ভগৱানৰ জীৱন ৷
লগতে পঢ়কঃকৰ'ণাতকৈ ভয়াৱহ বান !