অসম

assam

ETV Bharat / state

মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন-আলহী - mysore to guwahati

অসম ৰাজ্যিক চিৰিয়াখানাত আগমন ঘটিছে ন-আলহীৰ ৷ এই আলহীয়ে প্ৰায় ৩,৩০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি বৃহস্পতিবাৰে উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত ৷ ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে ৷

ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে
মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন আলহী

By

Published : Dec 5, 2019, 7:19 PM IST

গুৱাহাটী, 5 ডিচেম্বৰঃ অসম ৰাজ্যিক চিৰিয়াখানাত আগমন ঘটিছে ন আলহীৰ ৷ এই আলহীয়ে প্ৰায় ৩,৩০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি বৃহস্পতিবাৰে উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত ৷ ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে ৷ জিৰাফটোক চিৰিয়াখানা কৰ্তৃপক্ষই ইতিপূৰ্বে পাটনাৰ পৰা অনা মাইকী জিৰাফজনীৰ সৈতে ৰাখিছে ৷ উল্লেখ্য যে, অসম বিখ্যাত এশিঙীয়া গঁড়ৰ বিনিময়ত এই জিৰাফটো আনিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ ফলত চিৰিয়াখানাৰ সৌন্দৰ্য আৰু দৰ্শনাৰ্থী দুয়োটাই বৃদ্ধি পাব বুলি সকলোৱে আশা কৰিছে ৷

মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন আলহী

ABOUT THE AUTHOR

...view details