অসম

assam

ETV Bharat / state

৭৩ সংখ্যক স্বাধীনতা দিৱসঃ মহানগৰ প্ৰশাসনৰ বৈঠক - etv bharat assam

১৩ আগষ্টৰ ভিতৰত স্বাধীনতা দিৱস আয়োজনৰ সকলো প্ৰস্তুতি সমাপ্ত কৰিবলৈও বিভাগসমূহক দায়িত্ব দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

৭৩ সংখ্যক স্বাধীনতা দিৱস আয়োজন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মহানগৰ প্ৰশাসনৰ

By

Published : Jul 23, 2019, 7:55 AM IST

Updated : Jul 23, 2019, 1:31 PM IST

গুৱাহাটী, 23 জুলাই: আগন্তুক স্বাধীনতা দিৱস সন্দৰ্ভত মহানগৰীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৭৩সংখ্যক স্বাধীনতা দিৱসৰ বিষয়ে আলোচনা কৰা হয় সোমবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত ৷ ১৫ আগষ্টৰ দিনা হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ কথা সংশ্লিষ্ট বিভাগসমূহক অৱগত কৰে কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ ইফালে স্বাধীনতা দিৱস আয়োজনৰ বাবে আৰক্ষী, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী পৌৰ নিগম, খাদ্য অসামৰিক যোগান বিভাগ, সাংস্কৃতিক পৰিক্ৰমা আদি সকলো বিভাগক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে ৷ ১৩ আগষ্টৰ ভিতৰত স্বাধীনতা দিৱস আয়োজনৰ সকলো প্ৰস্তুতি সমাপ্ত কৰিবলৈও বিভাগসমূহক দায়িত্ব দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ তদুপৰি মহানগৰ আৰক্ষীৰ বেদান্ত মাধৱ ৰাজখোৱাই নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে এই বৈঠকত ৷ উল্লেখ্য যে, এই বৈঠকত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ক্ৰমে বিদুৎ বিকাশ ভাগৱতী, ক্ষীতিশ চন্দ্ৰ পেগু, ৰাতুল পাঠক, গুণজিৎ কাশ্যপৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া, মহানগৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া ।

Last Updated : Jul 23, 2019, 1:31 PM IST

ABOUT THE AUTHOR

...view details