অসম

assam

ETV Bharat / state

দৃষ্টিহীন শিক্ষকসকলক চৰকাৰৰ আৱৰ্জনা নেকি! - etv bharat

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা ৷

দৃষ্টিহীন শিক্ষকসকল চৰকাৰৰ আৱৰ্জনা নেকি!

By

Published : Jul 19, 2019, 11:23 PM IST

গুৱাহাটী, 19 জুলাইঃ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম নামৰ সংগঠনটোৱে ৷ সংবাদমেলত শিক্ষামন্ত্ৰীক সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমালোচনা সংগঠনটোৰ ৷

শিক্ষামন্ত্ৰীলৈ সংগঠনটোৰ প্ৰশ্নঃ

  • দৃষ্টিহীন হোৱাৰ বাবেই উচ্চ শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত হব নেকি !
  • নে চৰকাৰৰ আৱৰ্জনা তেওঁ লোক ?

উল্লেখ্য যে, গুৱাহাটীৰ লটাকটাস্থিত দৃষ্টিহীন বিদ্যালয়খনক সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক, কৰ্মচাৰীৰ নিযুক্তিৰ ব্যৱস্থা শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হব বুলি সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কিন্তু মন্ত্ৰী ব্ৰহ্মৰ এই পদক্ষেপক পোনছাটেই নাকচ কৰি এই দায়িত্বসমূহ বিভাগটোৱে নলয় বুলি স্পষ্ট কৰি দিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যই । লগতে নিযুক্তি পাবলগীয়া শিক্ষকসকলে অদূৰ ভৱিষ্যতে বিভাগটোৰ ওচৰত নিয়মীয়াকৰনৰ দাবীও উত্থাপন কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষা মন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে জাঙুৰ খাই উঠিছে সংগঠনটো ‌৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details