গুৱাহাটী,২৭ অক্টোবৰ : লিংগ পৰিৱৰ্তন ! দেশত শেহতীয়া কেইটামান বছৰত বহু লোকে লিংগ পৰিৱৰ্তন কৰা দেখা গৈছে ৷ অসমতো এতিয়া নতুন নহয় লিংগ পৰিৱৰ্তনৰ প্ৰচেষ্টা ৷ ইতিমধ্যেই অসমীয়া লোকেও sex reassignment surgery ৰ জৰিয়তে সফলতাৰে পৰিৱৰ্তন কৰিছে নিজৰ প্ৰকৃতি প্ৰদত্ত লিংগ ৷ এই বিশেষ অস্ত্ৰোপচাৰৰ কথা যিমানেই সাধাৰণভাৱে পোহৰলৈ আহিছে সিমানেই বহু নতুন যুৱক-যুৱতীৰ মাজত লিংগ পৰিৱৰ্তনৰ চিন্তা-চৰ্চা চলা পৰিলক্ষিত হৈছে ৷
শেহতীয়াকৈ লিংগ পৰিৱৰ্তনৰ চিন্তাই সংঘটিত কৰিছে এক চাঞ্চল্যকৰ ঘটনা ৷ পদ্ধতিগতভাবে লিংগ পৰিৱৰ্তন কৰিব বিচৰা এজন যুৱকে অৰ্থৰ অভাৱত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি আত্মহনৰ পথ বাছি ল’ব লগা হোৱাৰ সন্দেহ কৰা হৈছে ৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী, হাউচিং কলনীত ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৰহাট জিলাৰ কমাৰবস্তি নিবাসী জাভেদ আশ্ৰাফুল হক (২৫) নামৰ যুৱক জনে যোৱা ডেৰ বছৰ ধৰি নাৰেংগী হাউচিং কলনীৰ ললিত দাস নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰি আছিল । গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে লিংগ সলনি কৰাৰ বাবেই নিজৰ নামটো জাভেদ আশ্ৰাফুল হকৰ পৰা জাবিন আচাৰীয়ালৈ সলনি কৰিছিল ।