গুৱাহাটী, ২৩ অক্টোবৰ: সাংবাদিক সকলৰ সন্তানৰ অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে। মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ সন্তানে। কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু, স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা।
সদস্য সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ - দুৰ্গোৎসৱ
দুৰ্গোৎসৱৰ পবিত্ৰ ক্ষণত গুৱাহাটী প্ৰেছ ক্লাবৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ সন্তানে মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা লাভ কৰিব।
সদস্য সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ
সাংবাদিকৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত যাতে বাধাৰ সন্মুখীন নহয়, তাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । অহা শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই সুবিধা। শীঘ্ৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব প্ৰকল্প। আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবৰ অফিচিয়েল ৱেবচাইট http://www.gauhatipressclub.com মুকলি কৰা হয়।
লগতে পঢ়ক:অৱশেষত নিলম্বন হ'ল কুমাৰ সঞ্জিৎ কৃষ্ণ