অসম

assam

By

Published : Jan 29, 2021, 9:02 AM IST

ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিবৱেশ কৰ্মীৰ সংবাদ মেল

বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টত কৃষক সকলে চলাই থকা অবিৰত প্ৰতিবাদত অংশগ্ৰহণ কৰা পাছতে বহি: ৰাজ্যৰ পৰিবেশ কৰ্মী কেইজনে চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মিকিৰ বামুনী গ্ৰান্টৰ কৃষকৰ ভূমিৰ বিষয়ে জানিব বিচাৰে যদিও বিষয়াজনে ন্যায়ালয়ৰ গাত ভেজা দি বিষয়টোৰ পৰা এৰাই চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্তাৰাই ।

ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত ত্ৰিপুৰাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মালাকাৰ পাৰাত থিতাতে নিহত হয় এগৰাকী 50 বছৰীয়া মহিলা ৷

নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ গুৰুতৰ অভিযোগ

কঠীয়াতলী কছাৰী গাঁৱৰ আবাসী সুৰেশ ৰাভা নামৰ এগৰাকী 50 উৰ্ধৰ বক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ ৷ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বৰ্তমান পলাতক অভিযুক্ত সুৰেশ ৰাভা ৷

কৰিমগঞ্জত নিশা হ’লেই ভাৰতীয় নাগৰিকত্ব হেৰুৱাই একাংশ লোকে !

ভাৰতীয় লোকসকলে নিজা মাটিত দীৰ্ঘ দিন ধৰি বসবাস কৰি আহিছে । কাইটিয়া বেৰ দিয়াৰ সময়ত এই সকল লোকক মূল ভূখণ্ডত চামিল নকৰিলে চৰকাৰে । ইপিনে কাঁইটিয়া তাঁৰৰ বাহিৰত থকা লোকসকলে বন্দী দশাৰ পৰা মুক্তি পাবলৈ হাইপাৱাৰ কমিটিৰ ওচৰত দাবী জনাই আহিছিল যদিও আজিলৈকে তেওঁলোকৰ সমস্যা সমাধান নহ’ল।

ৰে'ল বিভাগে বন্ধ কৰিলে চাৰিশ বছৰীয়া ঐতিহাসিক থানৰ প্ৰৱেশ পথ

নগাঁৱত ৰে'ল বিভাগৰ হঠকাৰী সিদ্ধান্ত । বন্ধ কৰিলে চাৰিশ বছৰীয়া ঐতিহাসিক থানৰ প্ৰৱেশ পথ । গুৰুজনাৰ পৰি নাতিয়ে স্থাপন কৰা বালিসত্ৰ দামোদৰ আতা থানৰ প্ৰৱেশ পথ বন্ধ কৰাত হতভম্ব ভক্ত প্ৰাণ ৰাইজ ।

টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা

অহা 15 ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামুলক কৰা হৈছে ফাষ্টটেগ ৷ টোলগেটৰ কৰ প্ৰদানৰ সময়ত এতিয়াৰে পৰা নাথাকিব নগদ লেন-দেন ৷ ফাষ্টটেগ নাথাকিলে দিব লাগিব দুগুণ জৰিমনা ৷

বশিষ্ঠত ভয়াৱহ অগ্নিকাণ্ড : ভাড়াঘৰসহ কাৰখানা ভস্মীভূত

বৃহস্পতিবাৰে সন্ধিয়া বশিষ্ঠ চাৰিআলিৰ পাটৰকুছীত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত বহুকেইটা ভাড়াঘৰ আৰু এটা ফাৰ্ণিচাৰ কাৰখানা জুইত জাহ যায় ৷

তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ

বৰদলৈ নগৰ মধ্য ইংৰাজি বিদ্যালয়ৰ পৰিৱেশ সংঘ, যুৱ সংঘ, বিজ্ঞান সংঘৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বৰদলৈ নগৰ মধ্য ইংৰজি বিদ্যালয়ৰ প্ৰাংগনত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত ৰ্বষজোৰা গছপুলি ৰোপন, সংৰক্ষণ বিতৰণ কাৰ্যসূচী হাতত লয় তিনিচুকিয়া জিলা পৰিবেশ সুৰক্ষা সমিতিয়ে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বক্তৃতা অনুষ্ঠান সমাপ্ত

বৃহস্পতিবাৰে "অসমৰ ভক্তি আন্দোলনৰ পটভূমিত শংকৰদেৱ আৰু অনিৰুদ্ধদেৱৰ সৃষ্টি আৰু দৰ্শন এটি অভিক্ষেপ" - শীৰ্ষক এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৷ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে কৰা হয় বক্তৃতা অনুষ্ঠানটি ৷

ভাৰতে উপক্ৰম হৈছে, যদিও সমস্যা এতিয়াও আছেঃ ডাঃ এম বি কুৰুভা

দেশত সংঘটিত হোৱা অতিকে বেয়া স্বাস্থ্য আৰু অৰ্থনৈতিক সমস্যাৰ পৰা লাভে লাভে উপক্ৰম হোৱাৰ দিশে আগবাঢ়িছে ভাৰত ৷ কোভিড-19ত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ মাত্ৰা হ্ৰাস আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কোভিড প্ৰতিষেধক প্ৰদানে দেশৰ অৰ্থনীতিৰ পুনৰোদ্ধাৰৰ এক ইংগিত প্ৰদান কৰিছে ৷

ABOUT THE AUTHOR

...view details