অসম

assam

By

Published : Mar 8, 2021, 8:05 PM IST

Updated : Mar 8, 2021, 10:24 PM IST

ETV Bharat / state

ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বিশ্ব ৰ সৰ্বাধিক চৰ্চিত ছাত্ৰ আন্দোলনে সৃষ্টি কৰা ৰাজনৈতিক নেতা সকলক এতিয়া ইতিহাস হোৱাৰ পথত।‌ অন্ততঃ সমাগত বিধান সভাৰ নিৰ্বাচনটোৰ প্ৰাৰ্থীত্ব পোৱা নোপোৱা ক লৈ চলা ঘটনা পৰিঘটনাই এই কথা স্পষ্ট কৰি তুলিছে ।

ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক
ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক

গুৱাহাটী, 8মাৰ্চঃ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বিশ্বৰ সৰ্বাধিক চৰ্চিত ছাত্ৰ আন্দোলনে সৃষ্টি কৰা ৰাজনৈতিক নেতা সকল এতিয়া ইতিহাস হোৱাৰ পথত ৷‌ অন্ততঃ সমাগত বিধান সভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব পোৱা নোপোৱাক লৈ চলা ঘটনা পৰিঘটনাই এই কথা স্পষ্ট কৰি তুলিছে ।

ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক

আজিৰে পৰা তিনিটা দশকৰ আগতে অসমৰ ৰাইজে যি সকল ৰাজনীতিকক ফুল-চন্দনেৰে পূজা কৰিছিল, ৰাস্তাই ঘাটে স্বতঃস্ফূৰ্তভাৱে গামোচা, ফুলৰ মালাৰে ওপচাই দিছিল, সেই সকলৰ বাবে আজি যেন কতোৱেই ঠাই নাই । তেওঁ লোক আজি ইতিহাস ।‌ আহ ঐ আহ্ ওলাই আহ' বুলি দিয়া আহ্বানত হাজাৰ হাজাৰ মানুহ ওলাই অহাৰ পৰিৱেশৰ কথা দূৰতেই, নিজৰ ঘৰতেই তেওঁ লোক আজি গুৰুত্বহীন, উপেক্ষিত । থিক 'একালৰ বৃন্দাবন একালত পৰে চন' দৰে । শেহতীয়াকৈ অসম গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক তথা ৰাজ্যৰ দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ সমষ্টিটোকেই ধৰি ৰাখিব নোৱাৰি হায়ৈ বিয়ৈ কৰিবলগীয়া হোৱা পৰিস্থিতিয়ে এনে কথাকে স্পষ্ট কৰিছে । বহু চেষ্টা কৰিও একালৰ এই মহাপ্ৰতাপী নেতা গৰাকীয়ে এইবাৰ যোৱা তিনিটা দশকে একেৰাহে বিজয় সাব্যস্ত কৰি অহা বঢ়মপুৰ সমষ্টিটো হেৰুৱাবলগীয়া হ'ল । দলৰ সভাপতি হ'লেও ৰাজনীতিত কণিষ্ঠ অতুল বৰাই মহন্তৰ সমষ্টিটো ৰখাৰ বাবে কোনো চেষ্টা নকৰিলে । বৰং হেলাৰঙে এৰি দি সন্তোষ্ট কৰিলে বিজেপিক ।

কেৱল প্ৰফুল্ল কুমাৰ মহন্ত ই নহয়, নিৰ্বাচনী চনৰ কথা বাদেই, প্ৰাৰ্থীত্বৰ দৌৰতেই ৰণত পৰিল ৮৫ ৰ ৰণুৱা ঘোঁৰা । লক্ষনীয়ভাৱে অগপ আৰু বিজেপিৰ ৰাজনৈতিক মিত্ৰতাৰ নামত এইবাৰ সমষ্টি হেৰুৱাবলগীয়া হ'ল বৃন্দাবন গোস্বামী, উৎপল দত্তৰ দৰে অসম আন্দোলনৰ নেতাই । এওঁলোকে সমষ্টি হেৰুৱাবলগীয়া হ'ল নিজ হাতে গঢ়া দল অসম গণ পৰিষদৰ মজিয়াত থাকিও । আনহাতে, ক্ষমতা অব্যাহত ৰখাৰ স্বাৰ্থত ইতিমধ্যেই বিজেপিৰ শৰণাগত হোৱা অতুল বৰাইও এইবাৰ দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন বিজেপিৰ হৈ খেলিবলৈ পোৱাৰ আশা অতি ক্ষীণ । দলে এই পৰ্যন্ত ঘোষণা কৰা নাই যদিও বৰাৰ সলনি এইবাৰ দিছপুৰ ত নতুন মুখেহে আত্মপ্ৰকাশ কৰিব । আনহাতে, এই বাৰৰ নিৰ্বাচনী প্ৰেক্ষাপটত কোনো উমঘামেই নাই ভৰত নৰহৰ দৰে একালৰ প্ৰতাপী নেতাৰ । কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই তেওঁক এনেকৈ এঘৰীয়া কৰিলে যে তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ বাবে টিকট বিচাৰিবলৈ সাহসেই নকৰিলে । আনকি এইবাৰ মৌন হৈ ৰ’ল পত্নী ৰাণী নৰহো । কেৱল সেয়ে নহয়, এইবাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতি মৌন হৈ আছে নগাঁৱৰ গিৰিণ বৰুৱা, কলিয়াবৰ ৰ গুণীন হাজৰিকাৰ দৰে একালৰ জনপ্ৰিয় ৰাজনীতিক । বৰক্ষেত্ৰীত অসম জাতীয় পৰিষদে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাক প্ৰাৰ্থীত্ব দিছে যদিও তাক মানি লোৱা নাই মিত্ৰ দল ৰাইজৰ দলে ।

গতিকে সেই দিশৰ পৰা পুলকেশ বৰুৱাও এই মূহুৰ্তত অস্তিত্বৰ সংকটত । একে দৰে পাটাছাৰকুছি সমষ্টিত বিজেপিৰ খোদ সভাপতি গৰাকীয়েই প্ৰতিদ্বন্দিতা কৰাত স্বাভাৱিকতে সংকটৰ সন্মুখীন হৈছে ১৯৮৫ চনৰ নিৰ্বাচনত ৰেকৰ্ড সংখ্যক সমষ্টিটোৰ পৰা জিকিৰ অহা বিধায়ক পবীন্দ্ৰ ডেকা ।‌ মনকৰিবলগীয়া মে অসম আন্দোলনৰ মাধ্যমৰে ১৯৮৫ চনত ৰাজনীতিৰ পথাৰত পদাৰ্পন কৰা কেইবাগৰাকীও নেতা আজি এই সংসাৰত নাই । তাৰ ভিতৰত ভৃগু কুমাৰ ফুকন, নগেন শৰ্মা, ললিত ৰাজখোৱা, দীলিপ শইকীয়া সোনোৱাল আদি প্ৰধান ।‌ কিন্তু যিসকল জীয়াই আছে আৰু ৰাজনীতিতেই আছে তেওঁলোকো আজি ইতিহাস হোৱাৰ পথত ।‌ অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত নিসন্দেহেই এক লক্ষণীয় বিষয় ।

লগতে পঢ়কঃঅখিল গগৈ নতুন অসমৰ স্বপ্ন !

Last Updated : Mar 8, 2021, 10:24 PM IST

ABOUT THE AUTHOR

...view details