85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা - গুৱাহাটী মাটি পট্টাকৰণ সমিতি
85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা ৷ গুৱাহাটী মাটি পট্টাকৰণ সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত 8 ছেপ্তেম্বৰৰ পৰা 14 ছেপ্তেম্বৰলৈ পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ পিছতো চৰকাৰৰ গা-নৰলিলে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই ৷
গুৱাহাটী, 23 আগষ্ট: গুৱাহাটী মহানগৰীৰ 85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা ৷ মহানগৰীৰ বিভিন্ন পাহাৰত বসবাস কৰা লোকসকলক চৰকাৰে বছৰ বছৰ ধৰি মাটি পট্টা দিয়া নামত আভুৱা ভৰি আহিছে ৷ চৰকাৰে মাটি পট্টা দিয়া কাম আৰম্ভই নকৰা বুলি অভিযোগ উত্থাপন কৰে গুৱাহাটী মাটি পট্টাকৰণ সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে সংগঠন দুটাই,লগতে কয় যে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত 8 ছেপ্তেম্বৰৰ পৰা 14 ছেপ্তেম্বৰলৈ পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ পিছতো চৰকাৰৰ গা নলৰিলে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই ৷