অসম

assam

ETV Bharat / state

International Agri Horticulture Fair: ১৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা - NABARD

অহা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব 'সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২' (7th Assam International Agri Horticulture Fair 2022) । এই মেলা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব ।

ghy
ghy

By

Published : Dec 14, 2022, 8:30 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ :অহা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব 'সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২' (7th Assam International Agri Horticulture Fair 2022) । এই মেলা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব (Khanapara Veterinary College playground) ।

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কৃষি মন্ত্ৰী অতুল বৰাই এই কথা সদৰী কৰে (Agriculture minister Atul Bora) । তেওঁ কয় যে ২০১৩ চনৰ পৰা অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা অনুষ্ঠিত হৈ আহিছে । এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই মেলাৰ জৰিয়তে অসমৰ কৃষক ৰাইজ উপকৃত হৈছে ।

১৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

কৃষি মন্ত্ৰী অতুল বৰাই কয় যে পূৰ্বতে অসমৰ কৃষকে কৃষিক বাণিজ্যিক ভিত্তিত গ্ৰহণ কৰা নাছিল । বৰ্তমান নতুন প্ৰজন্মৰ কৃষকে কৃষিক বাণিজ্যিক ভিত্তিত গ্ৰহণ কৰিবলৈ লৈছে । এই মেলাত অসম কৃষি বিশ্ববিদ্যালয়ে সহযোগ কৰিছে । লগতে মচলা নিগম (spice board), নাৰিকল উন্নয়ন নিগম (coconut development board), নেডফি (NEDFI), নাবাৰ্ড (NABARD) আদি সংস্থাই ইয়াত অংশগ্ৰহণ কৰিব ।

উক্ত মেলাত কৃষক ৰাইজৰ লগতে দেশ-বিদেশৰ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিব বুলিও কৃষি মন্ত্ৰীয়ে জানিবলৈ দিয়ে । ইপিনে সংবাদমেলৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰাই দিনৰভাগত খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ অহা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 'সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২'ৰ প্ৰস্তুতি পৰ্বৰ বুজ লয় ।

লগতে আজি ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া তথা বিভাগৰ অন্যান্য বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকতো মিলিত হয় কৃষি মন্ত্ৰী । অহা ১৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া সপ্তম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যানশস্য মেলা-২০২২ অনুষ্ঠানৰ জৰিয়তে কৃষক ৰাইজক উপকৃত কৰি তুলিবলৈ আৰু কৃষকসকলৰ লগতে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিষয়াসকলক নিষ্ঠাসহকাৰে কাম কৰিবলৈ বৈঠকত তেওঁ নিৰ্দেশনা দিয়ে ।

উল্লেখ্য, এইবাৰ মেলাৰ মূল বিষয় হৈছে 'Youth for Renaissance in Agri Horticultural Sector' বা যুৱ শক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যানশস্য খণ্ডৰ নৱজাগৰণ । লগতে কৃষি মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধাৰ্থে জিলাসমূহত ৰূপায়ণ কৰি থকা প্ৰধানমন্ত্ৰী কিষাণকে ধৰি বিভিন্ন কৃষি আঁচনিৰ শেহতীয়া ৰূপায়ণ স্থিতি তথা কৃষি আৰু আনুষংগিক খণ্ডৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে জিলা বিষয়াসকলৰ পৰা বিতং বুজ লয় ।

বিভাগীয় কাম-কাজ তথা আঁচনিসমূহ ৰূপায়ণৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা যাতে অতিক্ৰম নকৰে, তাৰ প্ৰতি সচেষ্ট থাকিবলৈ বিষয়াসকলক নিৰ্দেশনা দিয়ে । সংবাদমেলত তথা বৈঠকত কৃষি মন্ত্ৰীৰ সৈতে কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, কৃষি বিভাগৰ অতিৰিক্ত সচিব তেজপ্ৰসাদ ভূষাল, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভিন্ন দায়িত্বত থকা বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :India China Border Clash : সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details