গুৱাহাটী, ২৯ ডিচেম্বৰ :কোনোবা এক সময়ত অসমত কোনোবা এখন চৰকাৰৰ আলংকাৰিক এটা শ্ল'গান আছিল "ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ ৷" সময় সলনি হৈছে ৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ এক কৰ্মই এই শ্ল'গানটো সলনি কৰাৰ উপক্ৰম ঘটাইছে- "ৰাইজৰ পদূলিত চৰকাৰৰ সুৰা"লৈ ৷ অতি শীঘ্ৰেই ৰাজ্যত চহৰ-নগৰ, গাঁৱে-ভূঞে সকলোতে উভৈনদী হ'ব বিলাতী সুৰা ৷ হাত মেলিলেই বা দুখোজ দিলেই এতিয়া ৰাজ্যৰ জনবসতি প্ৰধান অঞ্চলৰ প্ৰান্তে প্ৰান্তে বিলাতী সুৰা সুলভ কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷
৭০০ খন বিলাতী সুৰাৰ বিপণী-বাৰৰ বাবে অনুজ্ঞাপত্ৰ কিয়নো ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এতিয়া নতুনকৈ ৭০০ খন বিলাতী সুৰাৰ বিপণীৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে ৷ উত্তৰ প্ৰজন্মৰ ভৱিষ্যতক বন্ধক হিচাপে ৰাখি ৰাজ্যৰ অৰ্থনীতি উদ্ধাৰৰ বাবে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ৷ কেৱল ৰাজহ বৃদ্ধি কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যত বৃহৎ পৰিমাণে নতুনকৈ সুৰাৰ বিপণী দিয়াৰ প্ৰস্তুতি চলাইছে ৷
সম্প্ৰতি ৰাজ্য চৰকাৰখন ভয়ংকৰভাৱে বিত্তীয় সংকটৰ সন্মুখীন হ'ব লগা হৈছে ৷ এই বিত্তীয় সংকট জোৰা মাৰিবলৈ চৰকাৰে আশ্ৰয় লৈছে-
- চৰকাৰখনে বিভিন্ন উৎসৰ পৰা অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে বৃহৎ পৰিমাণৰ ঋণ ল'বলৈ বাধ্য হৈছে
- বাটে-পথে পৰিবহণ বিভাগৰ যান-বাহন জৰিমনা
- সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি আদিৰ
এইবাৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে বিলাতী সুৰাৰ ৭০০ খনকৈ বিপণী ৰাজ্যত মুকলি কৰি দিব ৰাজ্য চৰকাৰে (700 new liquor shops in Assam)৷ ইতিমধ্যে আবকাৰী বিভাগে নতুনকৈ দিবলগীয়া সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ কেইবাখনো জিলাত আবকাৰী বিভাগে অনুজ্ঞাপত্ৰৰ বাবে আবেদনৰ প্ৰ-পত্ৰ দিয়াৰো ব্যৱস্থা কৰিছে ৷
যোৱা ৫ আগষ্টত আবকাৰী আয়ুক্তই জিলা আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰা এখন পত্ৰই পোহৰলৈ আনিছিল উত্তৰ প্ৰজন্মক কোঙা কৰিব পেলাব পৰা এই ভয়ংকৰ তথ্য ৷ এই পত্ৰযোগে প্ৰতিখন জিলাত সুৰাৰ নতুনকৈ বিপণী স্থাপনৰ বাবে স্থান বিচৰা হৈছিল ৷ এই পত্ৰত ৰাজ্যজুৰি ৭০০ টা স্থান চিনাক্ত কৰি সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল (Assam govt proposes new wine shop)৷
উজানবজাৰতো হ'ব সুৰাৰ বিপণী ৰাজ্যৰ ভগ্ন অৰ্থনীতিৰ জোৰা মাৰিবলৈ ২০২২-২৩ বৰ্ষত নতুনকৈ ৭০০ খন সুৰাৰ বিপণী খুলি মুঠ ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ (Assam Govt policy to increase excise revenue) ৷ ২০২১-২২ বৰ্ষত ৰাজ্যৰ আবকাৰী ৰাজহ আছিল ১৯৩০ কোটি টকা ৷ ২০২০-২১ ৰ আবকাৰী ৰাজহ সংগ্ৰহতকৈ ২০২১-২২ বৰ্ষত এই পৰিমাণ ২০ শতাংশ বেছি আছিল ৷
যোৱা ৫ আগষ্টৰ আবকাৰী আয়ুক্তৰ পত্ৰখনৰ উত্তৰত কেইবাখনো জিলাৰ উপায়ুক্তই ৩০০০ জনসংখ্যা থকা অঞ্চলতো বিলাতী সুৰাৰ বিপণীৰ বাবে অনুমতি দিয়াৰ প্ৰস্তাৱ দিছে ৷ গোটেই অসমতে ৭০০ খন বিলাতী সুৰাৰ বিপণীৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাতে ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি দিয়াৰো ব্যৱস্থা কৰা হৈছে ৷ যোৱা সোমবাৰে কামৰূপ মহানগৰ জিলাত এই ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমোদন জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷
স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ইমান দিনলৈ সুৰাৰ বিপণী নথকা উজানবজাৰতো এতিয়া হ'ব সুৰাৰ বিপণী ৷ বাদ পৰা নাই চন্দ্ৰপুৰ-গোৱৰ্ধনা, বীৰকুছি-নাৰেংগী, নেপালী চক নুনমাটি চেক্টৰ-১, চূণচালি আদি অঞ্চলো ৷ মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীত এখন বাৰ, সোণাপুৰত এখন ৱাইন শ্বপৰ বাবেও অনুমতি প্ৰদান ৷ নাৰেংগীৰ এলজি টাৱাৰ, ছুপাৰ মাৰ্কেটৰ ওৰস মল, ভঙাগড়ৰ ৰুদ্ৰাক্ষ মল, গণেশগুৰিৰ চিটি চেণ্টাৰ, খ্ৰীষ্টানবস্তিৰ চেণ্ট্ৰেল মল আদিতো বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছে ৷
ৰাজ্য চৰকাৰৰ এই সুৰা নীতিয়ে বিত্তীয় দিশত চৰকাৰখনক নিশ্চিতভাৱে বেছ কিছু সকাহ দিব সঁচা (Assam government liquor policy)৷ কিন্তু এই লৈ ৰাজ্য চৰকাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হ'ব লগা হৈছে ৷ ভগ্ন অৰ্থনীতিৰ জোৰা মাৰিবলৈ আবকাৰী ৰাজহ সংগ্ৰহ কৰি উত্তৰ প্ৰজন্মৰ বাবে এক অন্ধকাৰাচ্ছন্ন ভৱিষ্যত কঢ়িয়াই আনিব পৰা ৰাজ্যজুৰি সুৰাৰ উভৈনদী কৰা চৰকাৰী সিদ্ধান্তক দল-সংগঠনে সাধাৰণ ৰাইজৰ লগতে তীব্ৰ সমালোচনা কৰিছে ৷
লগতে পঢ়ক :Failure of Jal Jeevan Mission Scheme: আমগুৰিত বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ প্ৰতিবাদ