অসম

assam

ETV Bharat / state

BJP Assam Pradesh : বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ উন্মোচন - বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ উন্মোচন

বুধবাৰে বিজেপি অসম প্ৰদেশ (BJP Assam Pradesh)ৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ(60th edition of BJP Barta released) উন্মোচন ৷ বিশিষ্ট শিক্ষাবিদ স্বৰ্গীয় ড৹ দেৱদত্ত বৰকটকী(Dr Debadutta Borkotoky)ক সুঁৱৰি উন্মোচন কৰা হয় এই বাৰ্তাখন ৷

60th edition of bjp barta released in guwahati
বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ উন্মোচন

By

Published : Dec 1, 2021, 6:52 PM IST

গুৱাহাটী, 1 ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ(BJP Assam Pradesh)ৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বুধবাৰে উন্মোচন কৰা হয় বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ(60th edition of BJP Barta released) ৷ বিজেপি বাৰ্তাখন উন্মোচন কৰে ৰাজ্যিক বৌদ্ধিক কোষৰসহ আহ্বায়ক জিতেন শৰ্মাই । সদ্য প্ৰয়াত বিজেপি বাৰ্তাৰ গুৰিধৰোঁতা তথা মুখ্য সম্পাদক বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট শিক্ষাবিদ স্বৰ্গীয় ড৹ দেৱদত্ত বৰকটকী(Dr Debadutta Borkotoky)লৈ স্মৰণ কৰি উন্মোচন কৰা হয় বিজেপি বাৰ্তা ৷

বাৰ্তা উন্মোচন কৰি আহ্বায়ক জিতেন শৰ্মাই কয় যে, ড৹ বৰকটকী সকলো ধৰণৰ প্ৰত্যাহ্বানক নেওচি অসমীয়া বিজেপি বাৰ্তাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে । তেওঁৰ নিষ্ঠা আৰু কৰ্মোদ্যমী ভূমিকাৰ বাবেই ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ মাজতো নিৰৱচ্ছিন্নভাৱে প্ৰতিটো মাহৰ প্ৰথমটো মাহৰ প্ৰথমটো দিনত মুখপত্ৰখন নিয়মিতভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল ।

বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ উন্মোচন

আনহাতে, উন্মোচনী সভাত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(State BJP president Bhabesh Kalita)ই অসমীয়া বিজেপি বাৰ্তাৰ এই দীঘলীয়া যাত্ৰাত প্ৰয়াত ড৹ বৰকটকীৰ ত্যাগ আৰু অৱদানক স্মৰণ কৰে ৷ তেওঁ কয় যে, মুখপত্ৰখনৰ সম্পাদক হিচাপে ড৹ বৰকটকীয়ে আগবঢ়োৱা সেৱা অনবদ্য আৰু অতুলনীয় আছিল ৷

উন্মোচনী সভাত জীতেন শৰ্মাক অসমীয়া বিজেপি বাৰ্তাৰ পৰৱৰ্তী সংস্কাৰণসমূহৰ কাৰণে সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । ইয়াৰোপৰি অনুষ্ঠানৰ জৰিয়তে বিজেপি দলত যোগদান কৰে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী জি আৰ প্ৰদীপ দেউৰীৰ নেতৃত্বত দেউৰী সংগ্ৰাম সমিতিৰ উপ সভাপতি হৰিপ্ৰসাদ দেউৰী, দেউৰী যুৱ ঐক্য মঞ্চৰ সভাপতি সুৰেশ দেউৰী আৰু সাধাৰণ সম্পাদক অবিনাশ দেউৰী প্ৰমুখ্যে বহুকেইজন ব্যক্তি ৷

লগতে পঢ়ক :ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত কৃপণালি কৰা নাই চৰকাৰে

ABOUT THE AUTHOR

...view details