বিশ্বনাথৰ এটি 5 বছৰীয়া অসাধাৰণ শিশু
বিশ্বনাথৰ এটি 5 বছৰীয়া শিশুৰ অদ্ভূত প্ৰতিভা ৷ শিশুটিৰ আছে এক অসাধাৰণ প্ৰতিভা ৷ বীৰ প্ৰতাপ পেগু নামৰ শিশুটিয়ে 3 মিনিট 15 চেকেণ্ডত একেৰাহে 4শ 50মিটাৰ সাঁতুৰিব পাৰে ৷
অন কেমেৰা দলং ভাগি পানীত পৰিল বহু লোক
নতুন শিক্ষানীতিয়ে কোভিড 19 ৰ বাবে সৃষ্টি হোৱা সংকটক সুযোগলৈ পৰিৱৰ্তন কৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷ বৈদ্ধিক জ্ঞানৰ লগতে অৰ্থ ব্যৱস্থাত, কোনো এখন দেশৰ বিকাশ শিক্ষাখণ্ডত ইয়াৰ বিনিয়োগ আৰু ৰণনীতিৰ সংযোগ ঘটোৱাতো অত্যন্ত আৱশ্যক হৈ পৰিছে ৷ এই সকলোবোৰ নামাকৰণ অনুপাতে (জিইআৰ) ৰ বৃদ্ধি নাইবা যুৱ শক্তিয়েহে সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰিব পাৰিব ৷
আনলক 3.0ঃ সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত
সোমবাৰৰ পৰা অসমত পুনৰ আৰম্ভ হৈছে আনলক 3.0 ৷ আনলক 3.0 অনুসৰি অসমত সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা চলিব ৷ প্ৰতি সোমবাৰ আৰু মঙলবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত প্ৰায় 40 খন বাছ অসমৰ বিভিন্ন জিলালৈ চলিব ৷ যাৰবাবে যাত্ৰী সকলে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
কোৱাৰেন্টাইন পৰিয়ালৰ খেতিৰ দায়িত্ব ল'লে গাঁওবাসীয়ে
কিছুদিন পূৰ্বে গাঁওখনৰ নাৰায়ন বৰুৱাৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ বৰ্তমান যুৱতীগৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে যদিও প্ৰশাসনে ঘৰটো কন্টেইমেন্ট জ'ন ঘোষণা কৰে ৷ ফলশ্ৰুতিতি এই খেতিৰ দিনকেইটাতো পৰিয়ালটোৰ সকলো সদস্য কোৱাৰেন্টাইন হৈ থাকিবলীয়া হৈছে ৷ সেয়ে পৰিয়ালটোক সহায় কৰিবলৈ আগুৱাই আহিছে গাঁওবাসী ৷
ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা ৷ শেহতীয়াকৈ এনে এক ভয়াবহ ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ সৰ্থেবাৰীত । ঘৰৰ ভিতৰত তলাবন্ধ কৰি আবদ্ধ কৰি ৰখাৰ মাজতে সুযোগ বুজি পলায়ন কৰিলে লাভ জেহাদৰ বলী এগৰাকী অসমীয়া নাবালিকাই ৷ ইতিমধ্যে এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷