অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP TEN NEWS

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Jul 13, 2020, 5:11 PM IST

অসাৱধানতা হ'ব পাৰে দুশ্চিন্তাৰ কাৰণ

সাম্প্ৰতিক মন্দাৱস্থাৰ সময়ত প্ৰতি গৰাকী নাগৰিকে এগৰাকী সুদক্ষ সেনাৰ দৰে নিজকে অনুশাসিত কৰিব লাগিব । অন্যথা কৰ'ণা প্ৰতিহত কৰিবলৈ জাৰি কৰা নিয়ম উলংঘনে অদূৰ ভৱিষ্যতত অধিক বিপদ চপাব পাৰে ।

আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

গোৱালপাৰাত প্লাষ্টিকৰ আটাক লৈ চাঞ্চল্য ৷ দোকানৰ পৰা এগৰাকী মহিলাই আটাখিনি কিনি অনাৰ পিচত পোহৰলৈ আহিছে এই তথ্য ৷ আটাখিনিৰ পৰা দুৰ্গন্ধ ওলোৱা বুলিও অভিযোগকাৰীয়ে উল্লেখ কৰে ৷ যাৰ বাবে বৰ্তমান চিন্তিত হৈ পৰিছে গ্ৰাহক সকল ৷

মুক্ত আকাশৰ তললৈ আহিব মানস কোঁৱৰ

মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে ছাত্ৰ নেতা মানস কোঁৱৰৰ । নিয়া আদালতত জামিন লাভ মানস কোঁৱৰৰ ।

শিৱসাগৰতো আৰম্ভ হ'ল নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

শিৱসাগৰ জিলাত যোৱাটো নিশাৰ ভিতৰতে ৮ গৰাকীকৈ লোকৰ শৰীৰত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ খবৰ বিয়পি পৰাৰ পিছত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাখনতেই এক আতংকই বিৰাজ কৰিছে । ক'ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত সকলৰ ভিতৰত আৰক্ষী বিষয়াকে ধৰি জিলা প্ৰশাসনৰ লোকো অন্তৰ্ভুক্ত হৈছে । তাৰোপৰি তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা সদ্য প্ৰয়াত অশ্বিনী চেতিয়াৰ দুজনকৈ ভাতৃও ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব হীমা দেৱীক

ওদালগুৰিৰ এগৰাকী প্ৰতিভাৱান যুৱতী ইতিমধ্যে চেন্নাইত চিকিৎসাধীন হৈ আছিল যদিও এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু লাখ টকাৰ ৷

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ তেজপুৰত নিহত 3

শোণিতপুৰ জিলাৰ ৩ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৪ খনকৈ গাঁও বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত ৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে তেজপুৰত নতুনকৈ জাহাজ ঘাট ,কেঁকুৰা প'ল আদি চহৰৰ কাষৰীয়া অঞ্চল প্লাবিত কৰিছে । তেজপুৰ বিহগুৰি ,বাঁহবাৰী, দ বেচেৰীয়া,ৰঙা মাটি,নিজ বিহগুৰি,ব্ৰডুবিয়া,জাকৰা চুবুৰী,পিঠাখুৱা,পুথি মাৰি আৰু জাৰণি অঞ্চলো বৰ্তমান জলামগ্ন ।

দিল বেচাৰাৰ অভিনেত্ৰীয়ে সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ যথেষ্ট সময়েই পাৰ হ'ল যদিও প্ৰত্যেকদিনাই কোনোবাই নহয় কোনোবাই সুঁৱৰে অভিনেতাগৰাকীক ৷ সেয়া লাগিলে অনুৰাগীয়ে হওক বা তেওঁৰ সহকৰ্মীয়েই হওক ৷ শেহতীয়াকৈ দিল বেচাৰাৰ সহ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে শ্বেয়াৰ কৰিলে অভিনেতা সুশান্ত সিঙৰ এটা বিশেষ ভিডিঅ' ৷ ভিডিঅ'টোত স্বস্তিকাৰ সৈতে নৃত্য কৰা পৰিলক্ষিত হৈছে প্ৰয়াত অভিনেতাগৰাকীয়ে ৷

বিনামূলীয়া পশু খাদ্য বিতৰণক লৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ ফকিৰগঞ্জত উত্তপ্ত পৰিস্থিতি । পশু খাদ্য বিতৰণ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল ফকিৰগঞ্জ আৰক্ষী ৷ সোমবাৰে পশু খাদ্য বিতৰণক লৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

মহামাৰী নিয়ন্ত্ৰণত ডিজিটেল ইণ্ডিয়াৰ প্ৰভাৱ

কেনে অৱস্থাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়া প্ৰকল্প ? COVID-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতত কেনে ভূমিকা গ্ৰহণ কৰিছে এই প্ৰকল্পই ? জানিবলৈ পঢ়ক...

চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

ভাৰত চৰকাৰে টিকটকসহ 59 টা চীনা এপত নিসেধাজ্ঞা জাৰি কৰিছে ৷ যিসকলে নিয়মিত এই এপটো ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ একাংশই চৰকাৰৰ নিৰ্দেশনা নামানি বেআইনীভাৱে বিভিন্ন পন্থাৰে এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাই আহিছে

ABOUT THE AUTHOR

...view details