অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - কৰ'ণা

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jul 11, 2020, 5:23 PM IST

COVID-19: বদৰুদ্দিন "নিগেটিভ",চিৰাজুদ্দিন "পজিটিভ"

কৰ'ণাত আক্ৰান্ত নহ'লেও বদৰুদ্দিন আজমল অসুস্থ হৈ নিজা বাসগৃহতে চিকিৎসাধীন হৈ আছে ৷ আনহাতে COVID আক্ৰান্ত হৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে চিৰাজুদ্দিন আজমল ।

আৰক্ষীৰ জালত মহিলা প্ৰৱঞ্চক

নগাঁও জিলাত চাকৰিৰ নামত উৎকোচ লৈ নিবনুৱা যুৱক যুৱতীক প্ৰবঞ্চনা কৰি অহা এগৰাকী মহিলা জালত পৰিছে নগাঁও আৰক্ষীৰ। মহিলা গৰাকী হৈছে নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ পাহি সুমন বৰা। নগাঁও টাউন ইটাচালী আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই আটক কৰে প্ৰৱঞ্চক মহিলা গৰাকীক।

জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান

জম্মু-কাশ্মীৰৰ বান্দীপোৰ জিলাৰ দুটাকৈ ঠাই ঘেৰাও কৰি আৰম্ভ কৰিছে তালাচী অভিযান । আৰক্ষী,চিআৰপিএফ আৰু ভাৰতীয় সেনাৰ ১৪ ৰাষ্ট্ৰীয় ৰাইফল ইউনিটে যৌথভাৱে চলাইছে এই অভিযান । জিলাখনত কিছুদিন পূৰ্বে এজন বিপেপি নেতাসহ তেখেতৰ পিতৃ আৰু ভাতৃক হত্যা কৰা সন্দৰ্ভতে আৰম্ভ কৰে এই তালাচী অভিযান ।

কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা২০২১ত হ'বলগীয়া বিধানসভা নিৰ্বাচনত চতিয়া সমষ্টিৰ পৰা বিজেপি দলটোক উৎখাত কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছে । চতিয়া সমষ্টিৰ চাৰিদুৱাৰৰ ঢাৰিকাটিত অনুষ্ঠিত হোৱা এক দলীয় সভাত উপস্থিত থাকে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা ৷

পশ্চিমবংগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ সমীপত আৰক্ষী আৰু গাঁওৱাসীৰ মাজত সংঘৰ্ষ

শুকুৰবাৰে পশ্চিম বংগৰ দক্ষিণ চৌবিশ পৰগনা জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ সমীপত আৰক্ষী আৰু পাথৰপ্ৰতিমা গাঁৱৰ গাঁওৱাসীৰ মাজত সংঘটিত হয় সংঘৰ্ষ । এজন স্বেচ্ছা সেৱকৰ গ্ৰেপ্তাৰৰ দাবীত চলা প্ৰতিবাদৰ ফলস্বৰূপতে সংঘটিত হয় এই সংঘৰ্ষ ।

যুৱ চিত্ৰ শিল্পীৰ চমক,জুইৰে চিত্ৰ অংকণ কৰি অভিলেখ বৰপেটাৰ নিৰ্জু ৰাজ দাসৰ

নিৰ্জু ৰাজ দাস নামৰ যুৱ প্ৰতিভাধৰ শিল্পীজনৰ প্ৰতিভাই আৰ্কষিত কৰিছে বহুজনকে ৷ মুখেৰে চিত্ৰ অংকণ কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত জুইৰে চিত্ৰ অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সত্ৰনগৰী বৰপেটাৰ চিত্ৰ শিল্পী নিৰ্জু ৰাজ দাস ৷

মৰাপাগলাদিয়া নৈৰ মথাউৰি বান্ধিবলৈ ৰাইজৰ অপ্ৰাণ চেষ্টা

মৰাপাগলাদিয়া নৈৰ মথাউৰি চিঙি যোৱাত এতিয়া শংকিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ ৷ ইতিমধ্যে ভঙা মথাউৰি বান্ধিবলৈ ৰাইজে অপ্ৰাণ চেষ্টা চলাইছে ৷

অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

অতি শীঘ্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতিৰ নেতা কেইজনক অতিশীৰ্ঘে বিনাচৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে টাই আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্য সকলে ৷

নগাঁৱৰ বিএছএনএল কাৰ্যালয়ত অগ্নিকাণ্ড

বিএছএনএলৰ মুখ্য নিয়ন্ত্ৰণ কক্ষত শুক্ৰবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ 12 ঘণ্টালৈ স্তব্ধ হৈ পৰে বিএছএনএলৰ সেৱা । জুইত জাহ গ’ল বহু যন্ত্ৰাংশ ।

নাগালেণ্ডত উদ্ধাৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া কৈ উত্তৰ পূৰ্ৱাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহৰ বিৰুদ্ধে লোৱা এক সিদ্ধান্তৰ লগে লগেই আৰম্ভ হৈছে উগ্ৰপন্থী বিৰোধী অভিযান । যোৱা ২৪ ঘণ্টাৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ সীমান্ত আৰু নাগালেণ্ডত অসম ৰাইফলছৰ হাতত ৬ জন এন এছ চি এন ৰ বিদ্ৰোহী সদস্য নিহত হয় ৷ ইয়াৰ পাচতে নাগালেণ্ডৰ ক’হিমাৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰৰ ঘাটি উদ্ধাৰ কৰে অসম ৰাইফলছৰ দলটোৱে । এক বিশেষ তথ্যৰ ভিত্তিত অসম ৰাইফলছে যোৱা নিশা এই অভিযান চলায় ৷

ABOUT THE AUTHOR

...view details