কামৰূপ,2 জুলাই: কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত সভাগৃহত কামৰূপ জিলা প্ৰশাসন আৰু এন আই চি কামৰূপৰ উদ্যোগত চতুৰ্থ ডিজিটেল ইণ্ডিয়াৰ বৰ্ষপূৰ্তি পালন কৰা হয়। ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি কামৰূপ এন আই চিয়ে অসম দাৰ্পনৰ জৰিয়তে প্ৰস্তুত কৰি উলিয়াই (DM DASH BOARD)পৰ্টেল আনুষ্ঠানিক ভাৱে মুকলি কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ ৱৈশ্যই। (DM DASH BOARD)এই পৰ্টেলৰ জড়িয়তে কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নৰ অগ্ৰগতিৰ কথা জানিব পাৰিব।
কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত চতুৰ্থ ডিজিটেল ইণ্ডিয়াৰ বৰ্ষপূৰ্তি পালন - সভাগৃহ
কামৰূপ জিলা প্ৰশাসন আৰু এন আই চি কামৰূপৰ উদ্যোগত চতুৰ্থ ডিজিটেল ইণ্ডিয়াৰ বৰ্ষপূৰ্তি পালন কৰা হয় ।
কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত চতুৰ্থ ডিজিটেল ইণ্ডিয়াৰ বৰ্ষপূৰ্তি পালন
1 জুলাই পৰা ৭ জুলাইলৈ সাপ্তাহিক কাৰ্যসূচীৰে পালন কৰিলে ডিজিটেল সপ্তাহ। ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য,কামৰূপ জিলাৰ জিলা তথ্য বিষয়া দীপক মল্ল বুজৰবৰুৱা লগতে এন আই চি আৰু কামৰূপ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।