অসম

assam

ETV Bharat / state

অসমত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক - covid vaccine

চৰকাৰী হাস্পতালত সাজু বিনামূলীয়া প্ৰতিষেধক । ব্যক্তিগত হাস্পতালত প্ৰতিটো পালিৰ দাম ২৫০ টকা । ৬০ বছৰৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিককে চৰকাৰে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ।

covid vaccine
অসমত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক

By

Published : Mar 1, 2021, 6:25 PM IST

গুৱাহাটী, ১ মাৰ্চ :অসমত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । ৬০ বছৰৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিককে চৰকাৰে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে । আনহাতে ৪৫ বছৰৰ পৰা ৫৯ বছৰ বয়সৰ গুৰুতৰ ৰোগৰ উপসৰ্গ থকা ব্যক্তিয়েও লাভ কৰিব ক'ভিড প্ৰতিষেধক । চৰকাৰী ভেকচিন কেন্দ্ৰসমূহত সম্পূৰ্ণ বিনামূলীয়াকৈ এই দুই শ্ৰেণীৰ লোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । অৱশ্যে চৰকাৰী হাস্পতালৰ উপৰি ৰাজ্যৰ নিৰ্দিষ্ট বেচৰকাৰী হাস্পতালত উপলব্ধ কৰা হৈছে ক'ভিড প্ৰতিষেধক ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সূত্ৰই জনোৱা মতে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত মূল্য ধাৰ্য কৰা হৈছে । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হোৱা ভেকচিনৰ মূল্য প্ৰতিটো পালিত ২৫০ টকা । ইয়াৰে ১৫০ টকা প্ৰতিষেধকৰ মূল্য আৰু ১০০ টকা চিকিৎসালয়ৰ মাচুল । প্ৰথম অৱস্থাত গুৱাহাটীৰ ছয়খন হাস্পতাল ক্ৰমে নেমকেয়াৰ হাস্পতাল, জি এন আৰ চি হাস্পতাল, ডাউন টাউন হাস্পতাল, হেল্থ চিটি হাস্পতাল, মাৰোৱাৰী মেটাৰনিটি হাস্পতাল আৰু এপ'ল' হাস্পতালত নাগৰিকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । এই ক্ষেত্ৰত ভেকচিন গ্ৰহণ কৰিব বিচৰাসকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰি টিকাকৰণৰ দিন চূড়ান্ত কৰিব পাৰিব । ইয়াৰ বাবে আৰোগ্য সেঁতু এপ' আৰু COWIN পৰ্টেলত নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, চালকৰ অনুজ্ঞা পত্ৰ, পাছপৰ্ট, পানকাৰ্ড ইত্যাদি পৰিচয় পত্ৰ প্ৰতিষেধক কেন্দ্ৰসমূহত দাখিল কৰি ইচ্ছুকসকলে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । অসমত বৰ্তমান নাগৰিকক ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে । আনহাতে ৪৫ ৰ পৰা ৫৯ বছৰ বয়সৰ গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে ৰোগৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব । সমগ্ৰ দেশত ৬০ৰ ঊৰ্ধৰ প্ৰায় ১০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

ইফালে আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লৈ নতুন দিল্লীৰ এইমছত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে । মোদীয়ে ভেকচিন গ্ৰহণ কৰাৰ কথা টুইটাৰ যোগে ৰাজহুৱা কৰিছে । তেওঁ দেশবাসীক নিৰ্ভয়ে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ আহ্বান জনায় । উল্লেখ্য যে, দেশত চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা ক'ভিড প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত চিকিৎসক, চিকিৎসা কৰ্মী তথা স্বাস্থ্য খণ্ডৰ লোকসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছিল । ইয়াৰ পাছত ক'ভিডৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া নিৰাপত্তা বাহিনীৰ লোকসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় । আজিৰে পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী তথা ক'ভিড যোদ্ধাক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে । ভেকচিনৰ প্ৰথম ড'জ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰত ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ড'জ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :ধেমাজি জিলা বিজেপিত ন-পুৰণিৰ সংঘাত

ABOUT THE AUTHOR

...view details