গুৱাহাটী, 21 মে’:ৰাজ্যৰ 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ে ঘূৰাই দিব টেবলেট ৷ সোমবাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্তৰে শিক্ষাসেতু আঁচনি (Shiksha Setu Axom) ৰূপায়নৰ কামত বিগত কুৰিদিনে অসহযোগ কাৰ্যসূচী চলাই নিয়াৰ পিচতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত টেবলেট ঘূৰাই দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷
সোমবাৰে 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ে দিনৰ দুই বজাৰ ভিতৰত নিজ নিজ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত ঘূৰাই দিব টেবলেট ৷ দেওবাৰে শিক্ষক ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ৷
তেওঁ কয়, ‘‘ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে 1982 চনৰে পৰা ৰাজ্য চৰকাৰৰ সৈতে ভিন্ন পৰ্যায়ত আলোচনা কৰি আহিছে ৷ 1982 চনৰ 7 ডিচেম্বৰত শিক্ষা আয়ুক্তৰ সৈতে এই সমস্যাটো সমাধানৰ বাবে আলোচনাৰ পাতনি মেলিছিল ৷ উক্ত আলোচনাত অসম চৰকাৰে 26 মে’ 1982 ত প্ৰকাশ কৰা সেৱা বিধিৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো সমাধানৰ প্ৰতিশ্ৰুতি দিছিল ৷ তেতিয়াৰে পৰা দুকুৰিবাৰ আলোচনা হোৱাৰ পিচতো সমস্যাটোৰ সমাধান হোৱা নাই (Assam primary school teacher protest) ৷’’
তেওঁ লগতে কয় যে, বৃহৎ সংখ্যক নতুন পদ সৃষ্টিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি 2012 চনৰ 22 জুনত তদানীন্তন শিক্ষামন্ত্ৰীৰ সৈতে এক আলোচনা অনুষ্ঠিত হৈছিল ৷ আলোচনাত শিক্ষা অধিকাৰ আইনৰ ভিত্তিত পৃথক প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে 150ত কৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ এটা পদ প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দহ দিনৰ ভিতৰত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত হৈছিল ৷ কিন্তু সেয়াও হৈ নুঠিল ৷
2019 চনৰ 30 ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) সৈতে হোৱা আলোচনাত প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি দিবলৈ বিত্ত আৰু শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশো পৰি ৰ’ল বুলিও তেওঁ উল্লেখ কৰে ৷