হজলৈ যাত্ৰা উত্তৰ-পূৱৰ 3594 গৰাকী হজযাত্ৰীৰ - মক্কা
এইবেলিও ইছলাম ধৰ্মীয় নীতি অনুসৰি হজলৈ ৰাওনা হৈছে উত্তৰ-পূৱৰ হজযাত্ৰীসকল । উত্তৰ-পূৱৰ সৰ্বমুঠ ৩৫৯৪গৰাকী হজযাত্ৰী উৰা মাৰিছে মক্কালৈ । সংবাদমেলযোগে এই কথা অৱগত কৰিলে হজযাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামানে ।
গুৱাহাটী, 18 জুলাই : প্ৰতিবছৰৰ দৰে এইবেলিও ইছলাম ধৰ্মীয় নীতি অনুসৰি হজলৈ ৰাওনা হৈছে উত্তৰ-পূৱৰ হজযাত্ৰীসকল । ইতিমধ্যে উত্তৰ-পূৱৰ সৰ্বমুঠ ৩৫৯৪গৰাকী হজযাত্ৰী উৰা মাৰিছে মক্কালৈ । হাজীসকলৰ সুবিধাৰ বাবে চৰকাৰী খৰচত হজলৈ প্ৰেৰণ কৰা হৈছে ১৮গৰাকীকৈ খাদেম-উল-হোজ্জা । বৃহস্পতিবাৰে গুৱাহাটীৰ হাজী মুছাফিৰ খানাত এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে উত্তৰ-পূৱ হজযাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামানে । ইফালে মক্কাত উপস্থিত উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰীসকলৰ সৈতে যোগাযোগত আছে হজ কমিটি । হজযাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চৰকাৰীভাৱে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে নেকিবুৰ জামানে ৷ তাৰোপৰি মদিনাত অসুস্থ হোৱা ১৩গৰাকী হজযাত্ৰীক মদিনাস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা ৰ লগতে বৰ্তমান সকলো সুস্থ বুলি সংবাদমেলত উল্লেখ কৰে উত্তৰ-পূৱ হজযাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামানে ।