দ্বিতীয়টো গোচৰত জামিন লাভ অখিল গগৈৰ - অখিল গগৈ
13:27 October 01
চাবুৱা থানাত ৰুজু হৈছিল গোচৰ
নিউজ ডেস্ক,1 অক্টোবৰ :অৱশেষতNIA ৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিলে কৃৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৷ ডিব্ৰুগড়ৰ চাবুৱা থানাত ৰুজু কৰা হৈছিল জামিন লাভ কৰা দ্বিতীয়টো গোচৰ ৷ কিন্তু গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এটি গোচৰৰ জামিন লাভ কৰিবলৈ এতিয়াও বাকী ৷ নিয়াৰ আদালতত ৰুজু হৈ থকা তিনিটা গোচৰৰ ভিতৰৰ দুটাতে গগৈয়ে লাভ কৰে জামিন ৷ অন্য গোচৰটিত জামিন লাভ কৰিব পাৰিলে শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে কৃষক নেতাগৰাকীৰ ৷
উল্লেখ্য যে,বিগত প্ৰায় 10 মাহে কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীক পোনতে গ্ৰেপ্তাৰ কৰা হৈছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অপৰাধত ৷ চলিত বৰ্ষৰ 13 জানুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নেতাগৰাকীক পৰৱৰ্তী সময়ত মাওবাদীৰ সৈতে থকা সম্পৰ্কৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৷