গুৱাহাটী, 11 জানুৱাৰী :হঠাতে অস্বাভাৱিক হাৰত ৰাজ্যত বাঢ়িবলৈ ধৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যা (Covid 19 cases increase in Assam) ৷ বিশেষকৈ ৰাজ্যৰ ভিতৰতে মহানগৰী গুৱাহাটীত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,১৯৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷
ইয়াৰে ৭৬০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷ সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.৪৯ শতাংশ ৷ ইয়াৰ মাজতে আক্ৰান্তসকলৰ ভিতৰৰ দুগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ৷
উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা শনিবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৯৮৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছিল ৷ ইয়াৰে ৪৯০ গৰাকী লোক আছিল গুৱাহাটী মহানগৰীৰ ৷ আকৌ দেওবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ১,২৫৪ গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছিল ৷ ইয়াৰে ৪৭২ গৰাকী আছিল গুৱাহাটীৰ ৷
লগতে চাওক:সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত
ৰাজ্য তথা গুৱাহাটী মহানগৰীত দৈনিক প্ৰায় দুগুণ হাৰত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইপিনে ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মন কৰিবলগীয়া যে, গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে ৷ এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিড 19 ত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ ৰ ঘৰলৈ হ্ৰাস পাইছিল যদিও এই মুহুর্তত দৈনিক আক্ৰান্তই ৭০০ ৰ সংখ্যা অতিক্ৰম কৰিছে ৷
ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot) । মহানগৰীৰ সৰ্বত্ৰে ক'ভিড 19 ৰ সংক্ৰমণ ধৰা পৰিছে যদিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ অঞ্চলত ৫০-১০০ গৰাকীকৈ লোক ক'ভিডত আক্ৰান্ত হোৱাত হটস্পট হিচাপে চিনাক্ত কৰা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷