অসম

assam

ETV Bharat / state

শান্তিৰ অসমত ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র - অনুজ্ঞাপ্ৰত্ৰ থকা মাৰণাস্ত্ৰ

ৰাজ্যত নিজৰ লগত মাৰণাস্ত্ৰ ৰখা লোকৰ সংখ্যা প্ৰকাশ কৰিছে চৰকাৰে ৷ নগাঁও জিলাত সৰ্বাধিক ৩,৪২২ গৰাকী লোকৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ । আনহাতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ হাততো আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ । শান্তিৰ অসমত এনেদৰে হাজাৰ হাজাৰ লোকৰ হাতত অনুজ্ঞাপত্ৰৰ মাৰণাস্ত্ৰ থকাটো তাৎপৰ্যপূৰ্ণ বিষয় ।

ৰাজ্যৰ ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র
ৰাজ্যৰ ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র

By

Published : Aug 11, 2021, 9:57 PM IST

গুৱাহাটী,১১ আগষ্ট : জীৱনৰ প্ৰতি বহু লোকৰেই বহু সময়ত ভাবুকি আহে যদিও সকলোৱে আত্মৰক্ষাৰ বাবে লগত ৰাখিব নোৱাৰে মাৰণাস্ত্ৰ । অৱশ্যে প্ৰভাৱশালী লোকৰ ক্ষেত্ৰত কথাটো কিছু সুকীয়া । জীৱনৰ প্ৰতি ভাবুকি থকা প্ৰভাৱশালী লোকে আত্মৰক্ষাৰ বাবে অনুমতি সাপেক্ষে লগত ৰাখিব পাৰে মাৰণাস্ত্ৰ । চৰকাৰী তথ্য মতে অসমৰ ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্ৰ ।

অৱশ্যে এই মাৰণাস্ত্ৰ অবৈধ নহয় । চৰকাৰী অনুজ্ঞাপত্ৰ সাপেক্ষে তেওঁলোকে লাভ কৰিছে মাৰণাস্ত্ৰ । বিধানসভাত তেৰছ গোৱালাই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰা হৈছে । তথ্য অনুসৰি আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ১৯,১৪৫ গৰাকী লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপ্ৰত্ৰ প্ৰদান কৰা হৈছে ।

ৰাজ্যৰ ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র

উল্লেখযোগ্য যে, আবেদনকাৰীৰ নিৰাপত্তাৰ দিশটোৰ বিষয়ে আৰু জীৱনৰ প্ৰতি থকা সম্ভাব্য ভাবুকিৰ বিষয়ে আৰক্ষী বিভাগে পৰ্যালোচনা কৰি প্ৰতিবেদন দিয়ে । আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মাৰণাস্ত্ৰৰ অনুজ্ঞাপ্ৰত্ৰ প্ৰদান কৰা হয় । ভাবুকি কোনো সংগঠন, কোনো ব্যক্তি নাইবা কোনো অজ্ঞাত দিশৰ পৰা হ'ব পাৰে । এই দিশবোৰ পৰ্যালোচনা কৰা হয় ।

তথ্য মতে কামৰূপ মহানগৰত ৩৮ গৰাকী, বৰপেটাত ৭৫ গৰাকী, বঙাইগাঁৱত ১১৩ গৰাকী, গোৱালপাৰাত ৪৮৯ গৰাকী, ধুবুৰীত ১,২৪৮ গৰাকী, ওদালগুৰিত ১৪৬ গৰাকী, লখিমপুৰত ১৮৩ গৰাকী, শিৱসাগৰত ৪৯১ গৰাকী, কামৰূপত ১৪৫ গৰাকী, নগাঁৱত ৩,৪২২ গৰাকী, মাজুলীত ২৩৩ গৰাকী, দক্ষিণ শালমাৰাত 1 গৰাকী, ডিমা হাচাওত ২০৫০ গৰাকী ৷

লগতে পঢ়ক :আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

একেদৰে চৰাইদেউত ২৭ গৰাকী, ডিব্ৰুগড়ত ৮২৬ গৰাকী, মৰিগাঁৱত ৮২৫ গৰাকী, কোকৰাঝাৰত ৩৯৯ গৰাকী, ধেমাজিত ১৪৭ গৰাকী, গোলাঘাটত ২,৬৫২ গৰাকী, বাক্সাত ৫৭ গৰাকী, কৰিমগঞ্জত ৩৮০ গৰাকী, হাজোত ৩৬৮ গৰাকী, নলবাৰীত ৯৪ গৰাকী, কাৰ্বি আংলঙত ১১২ গৰাকী, শোণিতপুৰত ৫৫৯ গৰাকী, বিশ্বনাথত ১৭২ গৰাকী, যোৰহাটত ৪২ গৰাকী, তিনিচুকীয়াত ৭৮৪ গৰাকী, দৰঙত ১১৪১ গৰাকীৰ হাতত মাৰণাস্ত্ৰ আছে ৷

ৰাজ্যৰ ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র

ইপিনে চিৰাঙত ৪২ গৰাকী, পশ্চিম কাৰ্বি আংলঙত ৬৭৩ গৰাকী, কাছাৰত ৭৪৯ গৰাকী আৰু বজালী জিলাত ১০ গৰাকী লোকৰ হাতত অনুজ্ঞাপ্ৰত্ৰ থকা মাৰণাস্ত্ৰ আছে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ নগাঁও জিলাত সৰ্বাধিক ৩,৪২২ গৰাকী লোকৰ হাতত আছে অনুজ্ঞাপ্ৰত্ৰ থকা মাৰণাস্ত্ৰ । আনহাতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ হাততো আছে অনুজ্ঞাপ্ৰত্ৰ থকা মাৰণাস্ত্ৰ । ইয়াৰ ভিতৰত চৰকাৰী পাৰ্চনেল, আৰক্ষী, প্ৰতিৰক্ষা, শিক্ষা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিত্ত, উদ্যোগ আৰু বাণিজ্য, স্বাস্থ্য, বন আৰু পৰিৱেশ, ৰেচম আৰু বেংক চৰকাৰী বিষয়া কৰ্মচাৰীৰ হাতত আছে অনুজ্ঞাপ্ৰত্ৰ থকা মাৰণাস্ত্ৰ ।

উল্লেখযোগ্য যে, শান্তিৰ অসমত এনেদৰে হাজাৰ হাজাৰ লোকৰ হাতত অনুজ্ঞাপ্ৰত্ৰ মাৰণাস্ত্ৰ থকাটো তাৎপৰ্যপূৰ্ণ বিষয় । অৰ্থাৎ এতিয়াও ৰাজ্যখনত ভয়-ভাবুকিৰ পৰিৱেশ বিদ্যমান হৈ আছে । যিটোৱে সম্প্ৰতি ৰাজ্যৰ সাধৰণ জনতাক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক :নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা

ABOUT THE AUTHOR

...view details