গুৱাহাটী, ৬ নৱেম্বৰ:গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অহা ১০ ডিচেম্বৰলৈ পাঁচ দিনীয়াকৈ গুৱাহাটী জিলা পুথিভঁৰালত আৰম্ভ হৈছে । উদ্বোধনী চলচ্চিত্র হিচাপে প্রদর্শিত কৰা হয় মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ভাষাৰ 'মিৰবীন' ছবিখন । 'মিৰবীন' ছবিখনে ইতিমধ্যে গোৱাত সদ্য সমাপ্ত ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া (IFFI)ত ইণ্ডিয়ান পেনোৰামা শাখাত প্রদর্শিত হৈ দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।
৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত দেশ -বিদেশৰ ১৭ খন ছবি প্ৰদৰ্শন কৰা হ'ব । জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা, ইজিপ্ত,পৰ্টুগাল,বাংলাদেশ, বাংলা, অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব এই মহোৎসৱত । উক্ত চলচ্চিত্ৰ মহোৎসৱত অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাই পৰিচালনা কৰা ছবি "ললিতা" ৰ ৫০ বছৰ উপলক্ষে প্ৰদৰ্শন কৰা হ'ব । তদুপৰি পৰিচালক প্ৰাঞ্জল শইকীয়াই পৰিচালনা কৰা অসমীয়া ছবি "অকমান" প্ৰদৰ্শন কৰা হ'ব ।