মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু উদযাপনৰ নামত পয়োভৰ ঘটিছে এতিয়া অশ্লীল নৃত্য আৰু ৰমৰমীয়া জুৱা খেলৰ ৷ কিন্তু এইক্ষেত্ৰত নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী প্ৰশাসন ৷
বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য
অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহে হাই প্ৰফাইল নেতাই ৰাজনৈতিক সভা পাতি চমক সৃষ্টি কৰাৰ মাজতে সোমবাৰে বিধানসভা নির্বাচনৰ প্রচাৰত অসমত সামাজিক মাধ্যমক দলীয়ভাৱে পূর্ণ ব্যৱহাৰ কৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ তথ্য আৰু সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালব্য।
ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন
AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে,বসন্ত ঋতুত কুলি চৰাইৰ আগমন হোৱাৰ দৰে নিৰ্বাচন আহিলে তেওঁ ভোটাৰৰ কাষ চাপে ৷ ইপিনে বিভিন্ন ছলনাৰে ভোট আদায় কৰি মুম্বাই নতুবা আৰব দেশত গৈ নিজৰ ব্যৱসায় চলায় আজমলে ৷
বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ
লালপুখুৰী গাঁৱত বিগত বৰ্ষ সমূহত হৈ থকা বুৰৈ নদীৰ খহনীয়া তাণ্ডৱ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে SDRF শিতানৰ পৰা ১.১৫ কোটি টকাৰ আবন্টন দিয়ে । সোমবাৰে উক্ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021
আৰম্ভ হ'ল ২০২১বৰ্ষৰ ধেমাজি গ্ৰন্থ উৎসৱ ৷ সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ত প্ৰায় 40খনতকৈও অধিক বিপণীয়ে অংশ লৈছে ৷