অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ সংবাদ

দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ সংবাদ

দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ সংবাদ
দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ সংবাদ

By

Published : Dec 1, 2020, 1:06 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

মানাহ ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে আন্তৰাষ্ট্ৰীয় সংস্থা গ্ল'বেল টাইগাৰ ৰিজাৰ্ভৰ তৰফৰ পৰা লাভ কৰিছে 'সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা'। ২৩ নবেম্বৰত অনলাইনযোগে অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে এই বটা প্ৰদাণ কৰা হৈছে সংস্থাটোৱে ।

24 ঘন্টাত দেশত 31,118 জন লোক ক'ৰণাত আক্ৰান্তঃ অসমত 159 জন

দেশত হ্ৰাস পোৱা নাই ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত দেশত নতুনকৈ 31,118 জন লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 482 জন লোকৰ ৷ ইয়াৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 94,62,809 জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,37,621 জনলৈ বৃদ্ধি পায় ৷

বিশ্বৰ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰৰ প্ৰমাণ প্ৰত্ৰ এটি শিশুলৈ

মধ্য প্ৰদেশৰ শজাপুৰৰ এটি ৭ বছৰীয়া শিশুই গীনিজ বুকত খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে তেওঁক বিশ্বৰ আটাইতকৈ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰ হিচাপে গীনিজ বুক ৰেকৰ্ডছৰ তৰফৰ পৰা স্বীকৃতি প্ৰদান কৰিছে । উল্লেখ্য যে, ইংলেণ্ডৰ ২ শ্ৰেণীৰ শিক্ষাৰ্থী কৌতিল্য কাতাৰিয়াই পাইথন প্ৰগ্ৰামিং ভাষাৰ ওপৰত পৰীক্ষা সম্পূৰ্ণ কৰি গীনিজ বুক অফ ৰেকৰ্ডছত অৱতীৰ্ণ হৈছিল।

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট যোগে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায় ৷ ১৯৬৩ চনত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰা নাগালেণ্ড হৈছে এক বিচিত্ৰময় অঞ্চল য'ত বহুতো জনগোষ্ঠীয় লোকে বসবাস কৰে বুলি টুইট যোগে উল্লেখ কৰে ৷

21ত অগপ-বিজেপিৰ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব : সত্যব্ৰত কলিতা

2021ৰ নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰিব বুলি মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷ বিজেপি আৰু অগপই একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰি কলিতাই কয় যে আগন্তুক নিৰ্বাচনৰ বাবে অগপই 40 খন আসনৰ বাবে পূৰ্ণ গতিত কাম কৰি আছে ৷

কৃষক বিদ্ৰোহ : দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী

দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী ৷ লগতে বুৰাৰী গ্ৰাউণ্ডত থকা কৃষকসকলক প্ৰদান কৰা হৈছে যাৱতীয় সকলো সুবিধা ৷ এই মন্তব্য উত্তৰ-পশ্চিম দিল্লীৰ ডিচিপি বিজয়ন্তা আৰ্যৰ ৷ কৃষক বিদ্ৰোহৰ বাবে ধাৰ্য কৰা দিল্লীৰ দাঁতিকাষৰীয়া অঞ্চল বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী ৷ এই স্থানক 'মুক্ত কাৰাগাৰ' হিচাপে আখ্যা দিছে ভাৰতীয় কৃষাণ ইউনিয়ন ক্ৰান্তিকাৰীৰ (BKU) পাঞ্জাৱ ইউনিটৰ প্ৰধান সুৰজিত সিং ফোলে ৷

ক’ভিড প্ৰটকলৰ মাজেৰে আজি হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন

হায়দৰাবাদ পৌৰ নিগমৰ অধীনস্থ 150 টা সমষ্টিৰ বাবে মঙলবাৰে অনুষ্ঠিত হয় নিৰ্বাচন ৷ এইবাৰ নিৰ্বাচনত 1,122 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 74 লাখ ভোটাৰে ৷ মঙলবাৰে অনুষ্ঠিত হৈছে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনত ভোটদানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ হায়দৰাবাদৰ পৌৰ নিগনৰ এলেকাত নিৰ্বাচনৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী । মঙলবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ 9,101 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ ভোটদান ৷

ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ উৎক্ষেপণ

ভাৰতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰে । ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ ভূমি আক্ৰমণ সংস্কৰণৰ পৰীক্ষামূলক উৎক্ষেপণো সফলভাৱে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰাই চলিত সপ্তাহৰ আৰম্ভণিতে সম্পন্ন কৰা হৈছিল।

ঘূৰ্ণীবতাহঃদক্ষিণ কেৰালাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

আহিবলগীয়া কেইটামান ঘন্টাত প্ৰৱল ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কেৰালা আৰু দক্ষিণ তামিলনাডুত সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ এই দুয়োটা অঞ্চলতে আহিবলগীয়া কেইটামান ঘন্টাত প্ৰৱল ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰিয়েই জাৰি কৰা হৈছে এই সতৰ্কতা ৷

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধৰ সিদ্ধান্ত অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ। টেংকাৰ চালকক ধুবুৰী আৰক্ষীৰ নিৰ্যাতন,কাৰাগাৰলৈ প্ৰেৰণ টেংকাৰ চালকক ৷ চালক জামেলা নায়কক মুকলি কৰি নিদিয়ালৈকে ৩০ নভেম্বৰৰ পৰা টেল টেংকাৰ আৰু ১ ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ কোনো গাড়ী ধুবুৰী জিলালৈ নাযায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details