যোৰহাট, 22 ছেপ্টেম্বৰ : মৰিয়নীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ বৃহস্পতিবাৰে নিশা মৰিয়নীৰ হোলোঙাপাৰ গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা ৫০-৭০ জনীয়া বন্যহস্তীৰ এটা দলে তাণ্ডৱ চলাই মৰিয়নীৰ পুঙাবাৰী চাহ বাগিচাৰ ৫ নং ৱাৰ্ডত ৷ এই অঞ্চলটোৰ কেইবাজনো লোকৰ বিস্তৰ ক্ষতি কৰে হাতীৰ জাকটোৱে ৷ অঞ্চলটোৰ দেবানন্দ তাঁতী, দয়াল কৰ্মকাৰ আৰু নিকোদিন মুণ্ডা নামৰ ব্যক্তিকেইজনৰ গৃহ সম্পূৰ্ণ ৰূপে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ সমগ্ৰ বয়-বস্তু নষ্ট কৰে বন্য হস্তীৰ জাকটোৱে ৷
জানিব পৰা মতে বিগত কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ বন বিভাগক বাৰম্বাৰ যোগাযোগ কৰাৰ পাছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ উল্লেখ্য যে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ভুক্তভোগীৰ গৃহত পুৱাই উপস্থিত হৈ গৃহ পুনৰ নিৰ্মাণৰ বাবে এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে ভুক্তভোগীক তৎকালীন ভাবে সাহাৰ্য প্ৰদান কৰি সহায় কৰিব পৰাকৈ জিলা উপায়ুক্তৰ হাতত পৰ্যাপ্ত পুঁজি প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷