যোৰহাট, 11 জুন : এইবাৰ খাকী পোচাকধাৰীৰ বৰবৰতা ৷ নিৰপৰাধী পিতা-পুত্ৰক চোৰ সজাবলৈ গৈ নিৰ্মম প্ৰহাৰ কৰে আৰক্ষীয়ে (Brutality of Assam police) ৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ ।
ঘটনাৰ স্থান যোৰহাট জিলাৰ মৰিয়নি ৷ শুক্ৰবাৰে বিয়লি মৰিয়নি ৰে’ল ষ্টেচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত কাকজান চাহ বাগিচাৰ ধনু কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ বীৰেন কৰ্মকাৰক মৰিয়নি আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈয়ে আটক কৰে ৷ তাৰ পাচত আৰক্ষীয়ে দুয়োকে লৈ যায় থানালৈ । এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷
খাকী পোচাকধাৰীৰ বৰবৰতা; অভিযুক্তক মৰিয়াই ভৰি ভাঙিলে মৰিয়নি আৰক্ষীয়ে ইয়াৰ পাচত মৰিয়নিৰ এগৰাকী আৰক্ষী বিষয়াই পিতা-পুত্ৰ দুয়োকে নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ লয় (Torture in police custody in Mariani)।
ফলত আৰক্ষীৰ প্ৰহাৰত পিতা-পুত্ৰ দুয়ো গুৰুতৰভাৱে আহত হয় । আৰক্ষীৰ প্ৰহাৰত আনকি বীৰেন কৰ্মকাৰৰ এখন ভৰিও ভাঙি যায় । পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰহাৰত আহত হোৱা পিতা-পুত্ৰ দুয়োকে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাই খোদ আৰক্ষীয়েই ৷ এই লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ইফালে ক্ষমতাৰ অপপ্ৰয়োগ কৰি আৰক্ষীয়ে এইদৰে নিৰপৰাধী লোকক অপৰাধী সজাই নিৰ্মম অত্যাচাৰ কৰা কাৰ্যক ধিক্কাৰ দিছে সচেতন মহলে (Conscious people condemns) ৷ নিৰপৰাধী লোকৰ ওপৰত কৰা এই অত্যাচাৰৰ অভিযোগৰ পাছত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক :অনলাইন ঔষধ বিক্ৰী আইন বিৰোধী: বিৰেন্দ্ৰ কুমাৰ বৰ্মন