অসম

assam

ETV Bharat / state

তিতাবৰত ইউৰিয়াৰ ক’লা বজাৰ - ইউৰিয়া সাৰ

লক ডাউন আৰু বানৰ সুযোগ গ্ৰহন কৰিছে এছাম অসাধু ব্যৱসায়ীয়ে ৷ কৃষিৰ বাবে প্ৰয়োজনীয় ইউৰিয়া সাৰ অসাধু ব্যৱসায়ীয়ে বিক্ৰী কৰিছে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈয়ো অধিক দামত ৷

তিতাবৰত ইউৰিয়াৰ ক’লা বজাৰ
তিতাবৰত ইউৰিয়াৰ ক’লা বজাৰ

By

Published : Jul 25, 2020, 6:54 PM IST

যোৰহাট, 25 জুলাইঃ কৃষিৰ বাবে সবাটোতকৈ গুৰুত্বপূৰ্ণ সময়চোৱাত হাহাকাৰৰ সন্মুখীন হৈছে কৃষক সকল ৷ কৰ’ণা মহামাৰীৰ লগতে বানৰ তাণ্ডৱৰ মাজতে এচাম অসাধু ব্যৱসায়ী অধিক লাভৰ আশাত বিপদত পেলাইছে কৃষক সকলক ৷ অসাধু ব্যৱসায়ী সকলে গঢ়ি তুলিছে খেতিৰ বাবে অতিকে প্ৰয়োজনীয় ইউৰিয়া সাৰৰ ক’লা বজাৰ ৷ যাৰ পৰিপ্ৰেক্ষিত অধিক দৰত খেতিয়কসকলে ক্ৰয় কৰিবলগীয়া হৈছে ইউৰিয়া সাৰ ৷

তিতাবৰত ইউৰিয়াৰ ক’লা বজাৰ

উল্লেখ্য যে, চৰকাৰে প্ৰতিবেগ ইউৰিয়া সাৰ বিক্ৰীৰ বাবে নিৰ্ধাৰণ কৰি দিছিল 350 টকা ৷ কিন্তু কৃষি বিভাগৰ এই নিৰ্দেশনাক ভৰিৰে মোহাৰি প্ৰতিবেগ ইউৰিয়া 420 ৰ পৰা 440 টকা দৰত বিক্ৰী কৰি আহিছিল যোৰহাট তিতাবৰৰ কনক গগৈ নামৰ ব্যৱসায়ী জনে ৷ কোনো সময়ত প্ৰতিবেগ ইউৰিয়া 470-480 টকাটো বিক্ৰী কৰা বুলি স্বয়ং ব্যৱসায়ীজনেই সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷ পৰিবহন ব্যয়ৰ দোহায় দি ব্যৱসায়ীজনে বেছি দৰত ইউৰিয়া বিক্ৰী কৰে বুলি নিজৰ দোষ ঢাকিবলৈ যত্ন কৰে ৷

ব্যৱসায়ী জনৰ বিৰুদ্ধে কৃষকসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত কনক গগৈ নামৰ ব্যৱসায়ীজনৰ 5 টাকৈ গুদামত শনিবাৰে কৃষি বিভাগৰ লোকে অভিযান চলায় ৷ অভিযান কালত কনক গগৈৰ বহু অনিয়ম ধৰা পৰে ৷ ইয়াৰ পাচতে তিতাবৰ প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়কঃড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা

ABOUT THE AUTHOR

...view details