টীয়ক, ১২ মে': টীয়কত জাঁজী নৈৰ বনাই পঠলিয়ালৰ সমীপৰ বিধ্বস্ত মথাউৰিয়ে চিন্তিত কৰিছে নৈপৰীয়া ৰাইজক। বিগত বছৰো জলসম্পদ বিভাগে নৈখনৰ নিচেই কাষতে লাগি থকা মথাউৰিটোৰ সুৰক্ষাৰ বাবে কোনো কাম নকৰাত অসন্তুষ্ট হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বান নিয়ন্ত্ৰণ আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰণালয়ৰ আঁচনিৰ অধীনত প্ৰায় পয়ত্ৰিশ লাখ টকা আৱন্টনেৰে নিৰ্মাণ কৰিবলগীয়া মথাউৰিটোৰ কাম আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল । অভিযোগ অনুসৰি কেৱল মথাউৰিটোৰ কাষৰ বন চিকুনাই আঁচনিৰ সমুদায় ধন জলসম্পদ বিভাগৰ একাংশ বিষয়াই হৰলুকী কৰিছে ।
বিধ্বস্ত জাঁজী নৈৰ মথাউৰিঃ চিন্তিত নৈপৰীয়া ৰাইজ - আঁচনিৰ ধন হৰলুকী
ৰাইজে গাঁঠিৰ ধন ভাঙি যোৱা দুটা বছৰে মথাউৰিটো মেৰামতি কৰি কোনোমতে অহা-যোৱাৰ পথ সুগম কৰিছে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰা যোৰহাট জিলা জলসম্পদ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।
ভয়াৱহ বানৰ ভাবুকি কঢ়িয়াইছে জাঁজী নৈৰ মথাউৰিয়ে
ইয়াৰ ফলত ৰাইজে গাঁঠিৰ ধন ভাঙি যোৱা দুটা বছৰে মথাউৰিটো মেৰামতি কৰি কোনোমতে অহা-যোৱাৰ পথ সুগম কৰিছে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰা যোৰহাট জিলা জলসম্পদ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।