অসম

assam

By

Published : Sep 20, 2020, 5:29 PM IST

ETV Bharat / state

দুৰ্যোগৰ সময়তো হাঁহি বিৰিঙিল চাহ শ্ৰমিকৰ মুখত

চাহ শ্ৰমিকক 20 শতাংশ বোনাচ প্ৰদান কৰা অসমৰ প্ৰথম খন চাহ বাগিছা মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিছা ৷ শনিবাৰে বাগিছা খনৰ মালিকে শ্ৰমিক সকলক বোনাচ প্ৰদান কৰাৰ পাচত, বোনাচ পোৱাৰ আশা একপ্ৰকাৰে বাদ দিয়া শ্ৰমিক সকলৰ মাজত পুনৰ ঘূৰি আহে আশাৰ ৰেঙনি ৷

হাঁহি বিৰিঙিল চাহ শ্ৰমিকৰ মুখত
হাঁহি বিৰিঙিল চাহ শ্ৰমিকৰ মুখত

মৰিয়নী, 19 চেপ্তেম্বৰ:পূজালৈ মাজত মাথো কেইটামান দিন ৷ COVID মহামাৰীয়ে সকলোকে ভাৰাক্ৰান্ত কৰি ৰখাৰ সমান্তৰালকৈ ব্যাপক দুৰ্যোগ নমাই আনিছে ভিন্ন খণ্ডলৈ ৷ লোকচানৰ সন্মুখীন হৈছে বহু লোক ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ভিন্ন খণ্ডৰ লগত জড়িত হৈ থকা শ্ৰমিক সকলো ৷ কিন্তু মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ মাজতো একাংশ শ্ৰমিকৰ মুখত বিৰিঙল হাঁহি ৷

দুৰ্যোগৰ সময়তো হাঁহি বিৰিঙিল চাহ শ্ৰমিকৰ মুখত

বিগত সময়ছোৱাত বোনাচ দিয়া-নিদিয়াক লৈ কিম্বা 20 শতাংশ বোনাচ দিয়াক লৈ চাহ শ্ৰমিক আৰু মালিক পক্ষৰ মাজত সৃষ্টি হৈ আহিছে সংঘাতৰ ৷ কিন্তু এইবাৰ কিছু সুকীয়া দৃশ্য পৰিলক্ষিত হ'ল মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিছাত ৷ মহামাৰীৰ ফলত কেইবামাহো বাগিছা সমূহ বন্ধ ৰখাৰ ফলত মালিক পক্ষ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে যদিও, দিহিঙীয়াপাৰ চাহ বাগিছা কৰ্তৃপক্ষই তাৰ মাজতেই নিজৰ শ্ৰমিকসকলক 20 শতাংশ বোনাচ প্ৰদান কৰি তেওঁলোকৰ মুখত বিৰিঙালে প্ৰাপ্তিৰ হাঁহি ৷

20 শতাংশ বোনাচ প্ৰদান কৰিলে বাগিছা কৰ্তৃপক্ষই

শনিবাৰে বাগিছাখনৰ মালিকে প্ৰায় 1200 শ্ৰমিকক 15 শতাংশ বানাছ দিয়াৰ লগতে থাকি যোৱা 5 শতাংশ অহা ডিচেম্বৰ মাহত বাগিছাত অনুষ্ঠিত হোৱা কালি পূজাৰ সময়ত আদায় দিয়াৰ বিষয়ে ঘোষণা কৰিলে ৷ যাৰ বাবে বোনাচ পোৱাৰ আশা একপ্ৰকাৰে বাদ দিয়া শ্ৰমিক সকলৰ মাজত পুনৰ ঘূৰি আহে আশাৰ ৰেঙনি ৷ উল্লেখ্য যে, মহামাৰীৰ সময়তো উজনি অসমৰ বাগিছা সমূহৰ ভিতৰত দিহিঙীয়াপাৰ চাহ বাগিছাই হৈছে শ্ৰমিকক বোনাচ প্ৰদান কৰা প্ৰথম খন চাহ বাগিছা ৷

লগতে পঢ়ক:পুনৰ পাঠদানৰ বাবে সাজু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details