অসম

assam

ETV Bharat / state

কালেশ্বৰ ওৰাঙৰ মৃত্যুৰ তদন্তৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ মৰিয়নীৰ বিধায়কৰ - মৰিয়নীৰ বিধায়ক

টীয়কৰ কালেশ্বৰ ওৰাঙৰ মৃত্যুৰ তদন্তৰ দাবীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ ৷ ওৰাঙৰ বাসগৃহৰ চোতালৰ পৰা চাইকেল চলাই জিলা উপাযুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান বিধায়কগৰাকীৰ ৷

teok rupjyoti kurmi protest
কালেশ্বৰ ওৰাঙৰ মৃত্যুৰ তদন্তৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ মৰিয়নীৰ বিধায়কৰ

By

Published : Jul 9, 2020, 3:58 PM IST

যোৰহাট, 9 জুলাই : টীয়কৰ কালেশ্বৰ ওৰাঙৰ মৃত্যুৰ তদন্তৰ দাবীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৃহস্পতিবাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নামচেচুৰ ওৰাঙৰ বাসগৃহৰ পৰা যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়লৈ চাইকেল চলাই গৈ স্মাৰক পত্ৰ প্ৰদান কৰে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কালেশ্বৰ ওৰাঙৰ মৃতদেহ চিকিৎসালয়ৰ পৰা প্ৰায় ১৫ কিমি দূৰৈত উদ্ধাৰ হোৱা আৰু পৰবৰ্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহ মৰ্গত প্ৰত্যক্ষ কৰা ঘটনাৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

কালেশ্বৰ ওৰাঙৰ মৃত্যুৰ তদন্তৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ মৰিয়নীৰ বিধায়কৰ

বিগত ১০ জুনত টীয়কৰ নামচেচুৰ দীঘলী গাঁৱৰ এজন ৰোগী কালেশ্বৰ ওৰাঙক পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসালয় কৰ্তপক্ষই যুৱকজনক কোৱাইন্টইনত ৰখাৰ নামত পৰিয়ালৰ কোনো লোকক লগত যোগাযোগ বন্ধ কৰি ৰাখে ৷ হাস্পাতাল কৰ্তৃপক্ষই পৰবৰ্তী পৰ্যায়ত ৰোগীজন হাস্পাতালৰ পৰা পলাই যায় বুলি প্ৰকাশ কৰে যদিও সম্পূৰ্ণ ৮ দিনৰ অন্তত ৰোগী কালেশ্বৰ ওৰাঙৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ওলোৱাত সৰ্বত্ৰ চাঞ্চল্য সৃষ্টি হৈছিল ৷ বিভিন্ন দল সংগঠনৰ লগতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই এক উচিত তদন্তৰ দাবী জনাইছিল ৷ কিন্তু ১৫ দিন অতিক্ৰম কৰাৰ পাছতো তদন্ত আগনবঢ়াত আজি বিধায়কজনে পুনৰ নামিচেচুস্থিত মৃত ওৰাঙৰ ঘৰৰ চোতালৰ পৰা যোৰহাট উপাযুক্ত কাৰ্যালয়লৈ প্ৰায় ৩০ কিল'মিটাৰ চাইকেল চলাই গৈ উপায়ুক্তৰ হাতত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : অখিল গগৈসহ অন্যান্য নেতাসকলক উন্নত চিকিৎসা প্ৰদান দাবী

ABOUT THE AUTHOR

...view details