অসম

assam

By

Published : Nov 3, 2020, 9:40 PM IST

ETV Bharat / state

টীয়কত ইন্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীম উদ্বোধন

টীয়কৰ ৰজাবাৰীত ইন্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীমখনৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ এই আঁচনিৰ দ্বাৰা বিদ্যুতৰ সমস্যা বহু পৰিমাণে দূৰ হ'ব বুলি মন্তব্য কৰিছে বিষয়ববীয়া সকলে ।

Teok power grid inaguration
টীয়কত ইন্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীম উদ্বোধন

যোৰহাট,3নৱেম্বৰ:যোৰহাট জিলাৰ টীয়কত স্থাপন কৰা ইন্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীমখনৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ চাৰি হাজাৰ দুশ লোকক সামৰি লোৱা আচঁনিখনত প্ৰায় ৯ কোটি ৫৯ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই আঁচনিৰ দ্বাৰা বিদ্যুতৰ সমস্যা বহু পৰিমাণে দূৰ হ'ব বুলি মন্তব্য কৰিছে বিষয়ববীয়া সকলে ।

টীয়ক আৰু কাকজান বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে ৰজাবাৰী অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি ইন্দ্ৰকান্ত মহন্তই ৷ ইয়াৰ পাছতেই এপিডিচিএলৰ যোৰহাট জিলা সংমণ্ডলৰ অজয় কুমাৰ দাস, আইপিডিএছ দেৱজিত দাস, যোৰহাট বিদ্যুৎ ভৱনৰ জেনেৰেল মেনেজাৰ নাচিম ফকৰুদ্দিন, যোৰহাট এপিডিচিএলৰ উচ্চ বৰ্গৰ বিষয়া প্ৰমুখ্যে বহু সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিতিত মূল গৃহটি উদ্বোধন কৰা হয় ।

উল্লেখযোগ্য যে,এই পাৱাৰ ডেভেলপমেণ্ট প্ৰজেক্টটোৱে বৃহত্তৰ অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে উপভোক্তা সকলে ৷

অন্য এক খবৰৰ বাবে: মানৱতাৰ নিৰ্দশনকাৰী মহানগৰী সমীপৱৰ্তী এখন গাঁও...

ABOUT THE AUTHOR

...view details