অসম

assam

ETV Bharat / state

কৰ্মচাৰীৰ সমস্যা পূৰণৰ দাবী যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ - যোৰহাট জিলা সমিতি

টীয়কত কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলা সমিতিৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ কৰ্মচাৰীসকলৰ সকলো সমস্যা সমাধানৰ দাবী যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ

কৰ্মচাৰীৰ সমস্যা পূৰণৰ দাবী যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ

By

Published : Jul 14, 2019, 7:54 PM IST

টীয়ক, 14 জুলাইঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলা সমিতিৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ দিনজোৰা কাৰ্যসূচীৰে টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অধিৱেশন । জিলা সমিতিৰ সভাপতি সন্দীপ নন্দীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰ উদ্দিন আহমেদে কয় যে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত বৈষম্যমূলক বহু কেইটা বিষয়ৰ কথা উল্লেখ কৰি চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণৰ দাবী জনাই আহিছে ।

কৰ্মচাৰীৰ সমস্যা পূৰণৰ দাবী যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ

চৰকাৰে এই দাবীসমূহ পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷ টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ্ জামানে উদ্বোধন কৰা এই মুকলি সভাত ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান, ঘৰভাড়া বানচ বৃদ্ধি কৰা,এম এ চি পি এছ সকলো জিলাতে কাৰ্যকৰী কৰা,শিক্ষক, কৰ্মচাৰী গ্ৰেড পে' সমস্যা দূৰ কৰা,২১ মাহৰ বকেয়া আদায় দিয়া, এন পি এছ কৰ্মচাৰীক পুৰণা পেঞ্চন নীতিলৈ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই উদ্বোধন কৰা প্ৰতিনিধি সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

আৰু পঢ়কঃ সংকটত কাজিৰঙাৰ বন্যপ্ৰাণীঃ বুঢ়াপাহাৰত উদ্ধাৰ হৰিণাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details