টীয়ক, 8 অক্টোবৰ : মনত আত্মবিশ্বাস থাকিলে লক্ষ্যৰ দিশত আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে ৷ এই কথা প্ৰমাণ কৰি দেখুওৱাইছে টীয়কৰ মৃদুপৱন শইকীয়াই ৷ সৰুৰে পৰাই জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী মৃদুপৱনে আৰ্থিক সমস্যাক নেওচি আত্ম অনুশীলনেৰে নিজ লক্ষ্যৰ দিশে আগুৱাই গৈছে ৷
টীয়কৰ এজন উদীয়মান যুৱক মৃদুপৱন শইকীয়া । কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে প্ৰদৰ্শন কৰিছে এটাৰ পাছত আনটো জিমনাষ্টিক । সৰুৰে পৰা জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী মৃদুপৱনৰ আৰ্থিক সমস্যা তথা উপযুক্ত প্ৰশিক্ষণৰ অভাৱত নিজৰ ইচ্ছা কলিতে মৰহি গৈছিল ৷ কিন্তু আজিৰ পৰা প্ৰায় তিনিবছৰমানৰ পৰা মোবাইলত অনলাইন আৰু ইউটিউবত জিমনাষ্টিকৰ কৌশল চাই ঘৰৰ ওচৰৰে পথাৰত অনুশীলন কৰি বৰ্তমান এই কলাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি এটাৰ পাছত আনটো জিমনাষ্টিকৰ কঠিন খেলৰ ভংগীমা প্ৰদৰ্শন কৰিছে । বৰ্তমান মৃদুপৱনৰ এই প্ৰতিভাই চ’ছিয়েল মিডিয়াত বহুলভাৱে চৰ্চা লাভ কৰিছে ।