জলসম্পদ বিভাগৰ হঠকাৰিতা: ফল ভোগ কৰিছে কৃষক ৰাইজে - কৃষক
জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া ফল ভোগ কৰিছে টীয়কৰ সাধাৰণ কৃষক ৰাইজে ৷ জলসম্পদ বিভাগৰ বিষয়া,কাৰিকৰী বিষয়া,ঠিকাদাৰে মিলি প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা শ্লুইচ গেট দুখনৰ নিৰ্মাণত বিভিন্ন ক্ৰুটি ৰৈ যোৱাৰ ফলত কৃষিভূমিত আৱদ্ধ হৈ থকা পানীৰ বাবে খেতি কৰিব নোৱাৰি কৃষক সকল বিমোৰত পৰিছে ৷
টীয়ক,30 জুলাই: জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া ফল ভোগ কৰিছে টীয়কৰ সাধাৰণ কৃষক ৰাইজে ৷ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ হাতীপাৰ অঞ্চলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শ্লুইচ গেটে বৃহত্তৰ জাঁজীমুখ অঞ্চলকে ধৰি দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকলৈ ক্ৰমে দুৰ্যোগ কঢ়িয়াই আনিছে। প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই শ্লুইচ গেট দুখন কৃষিভূমিৰ পৰা নদীলৈ আবদ্ধ পানী ওলাই যোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু জলসম্পদ বিভাগৰ হঠকাৰিতাৰ বাবে এতিয়া কৃষিভূমিৰ পানী নদীলৈ যোৱাৰ পৰিৱৰ্তে গেটখন খুলি দিলে নদীৰ পানীহে কৃষিভূমিলৈ সোমাই আহে। জলসম্পদ বিভাগৰ বিষয়া,কাৰিকৰী বিষয়া,ঠিকাদাৰে মিলি চৰকাৰী ধন সৰকোৱাৰ অভিসন্ধিৰে নিৰ্মাণ কৰা এই শ্লুইচ গেট দুখনৰ নিৰ্মাণত বিভিন্ন ক্ৰুটি ৰৈ যায় ৷ যাৰ বাবে এতিয়া কৃষিভূমিত আবদ্ধ হৈ থকা পানীৰ বাবে খেতি কৰিব নোৱাৰি কৃষক সকল বিমোৰত পৰিছে ৷