অসম

assam

ETV Bharat / state

টীয়কত কা বিৰোধী প্ৰতিবাদ সাব্যস্ত - Protest against CAA

টীয়কৰ কলিয়াপানীৰ আদৰ্শ গাঁৱত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত খেলপথাৰৰ চাৰিসীমাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গান লিখি প্লেকাৰ্ডসমূহ ওলোমাই থোৱা দেখা যায় । বিষয়টো ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছতো টীয়কত বিভিন্ন দল-সংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰে প্ৰতিবাদী সভা ৷

টীয়ক
কা বিৰোধী প্ৰতিবাদ

By

Published : Jan 27, 2020, 11:08 AM IST

টীয়ক,27 জানুৱাৰীঃ টীয়কত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে তীব্র প্ৰতিবাদ। আইনখনৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছতো টীয়কত বিভিন্ন দল-সংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰে প্ৰতিবাদী সভা ৷ টীয়কৰ কলিয়াপানীৰ আদৰ্শ গাঁৱত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত খেলপথাৰৰ চাৰিসীমাত 'কা' বিৰোধী শ্ল'গান লিখি প্লেকাৰ্ডসমূহ ওলমাই থোৱা দেখা যায় । খেলৰ সমান্তৰালকৈ আইনখনৰ বিৰোধিতা কৰা ঘটনাই গ্ৰামাঞ্চলৰ ৰাইজৰ আইনখন সম্পৰ্কে সচেতনতাক প্ৰমাণ কৰিছে ৷ দেশ থাকিলেহে খেলুৱৈ থাকিব বুলি মন্তব্য কৰি ক্ৰীড়াৰ মাজেৰে এইসকল খেলুৱৈয়ে আন্দোলনটো চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে ।

কা বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details