অসম

assam

ETV Bharat / state

টীয়কৰ কংগ্ৰেছ সভানেত্ৰীক লৈ অপপ্ৰচাৰ অগপৰ - সাক্ষাৎ কৰাৰ সময়ত তেঁওক গামোছা পিন্ধাই

টীয়কত সামাজিক মাধ্যমত কংগ্ৰেছৰ সভানেত্ৰীক লৈ অপপ্ৰচাৰ অগপৰ ৷ ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ সভানেত্ৰী ৰেখা ভট্টাচাৰ্য্যই ৷

টীয়কৰ কংগ্ৰেছ সভানেত্ৰীক লৈ অপপ্ৰচাৰ অগপৰ
টীয়কৰ কংগ্ৰেছ সভানেত্ৰীক লৈ অপপ্ৰচাৰ অগপৰ

By

Published : Mar 13, 2021, 2:16 PM IST

টীয়ক,13 মাৰ্চঃ ফেচবুকত অসম গণ পৰিষদৰ টীয়ক সমষ্টিৰ অফিচিয়েল পেজত প্ৰচাৰ চলোৱা এটা পোষ্টে নিৰ্বাচনৰ প্ৰাক্ক্ষণত টীয়কত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভানেত্ৰী ৰেখা ভট্টাচাৰ্য্যই অগপত যোগদান কৰা বুলি অসম গণ পৰিষদৰ তৰফৰ পৰা সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ চলোৱা হয় ৷

টীয়কৰ কংগ্ৰেছ সভানেত্ৰীক লৈ অপপ্ৰচাৰ অগপৰ

টীয়ক অগপৰ এনে কাৰ্যক বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে । শুকুৰবাৰে সমষ্টিটোৰ এগৰাকী পঞ্চায়তৰ জনপ্ৰতিনিধি হিচাপে বিধায়িকা গৰাকীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই সৌজন্যমূলক সাক্ষাৎ কৰিব গৈছিল ৷ সাক্ষাৎ কৰাৰ সময়ত তেঁওক গামোছা পিন্ধাই যদিও অগপত যোগদান কৰাটো ভিত্তিহীন আৰু ষড়যন্ত্ৰ বুলি দাবী কৰিছে সভানেত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃকংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন

ABOUT THE AUTHOR

...view details