টিয়ক, 11 ফেব্ৰুৱাৰীঃপখিলা খেদা বয়সতে এক জটিল ৰোগত আক্ৰান্ত হয় যোৰহাটৰ অন্তৰ্গত টিয়ক বনাইৰ ৰবি বৰুৱা গাঁৱৰ এটি কণমানি শিশু ৷ ৰঞ্জন বৰুৱা আৰু মঞ্জু বৰুৱাৰ দ্বিতীয় সন্তান কংকণা বৰুৱা নামৰ ৩ বছৰীয়া শিশুটি আক্ৰান্ত খাদ্য নলীত হোৱা কোনো জটিল ৰোগত ৷ ৰোগাগ্ৰস্ত শিশুটিক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে পৰিয়ালৰ লোকে ৷ কিন্তু শিশুটিৰ চিকিৎসাৰ নামত বহু টকা ব্যয় কৰি এতিয়া সৰ্বস্বান্ত পৰিয়ালৰ লোক ৷
খাদ্য নলীৰ জটিল ৰোগত আক্ৰান্ত টিয়কৰ এটি কণমানি - ভাৰতীয় ষ্টেট বেংক
টিয়কৰ অন্তৰ্গত বনাইৰ ৰবি বৰুৱা গাঁৱৰ এটি কণমানি শিশু আক্ৰান্ত খাদ্য নলীত হোৱা কোনো জটিল ৰোগত ৷ শিশুটিৰ চিকিৎসাৰ নামত বহু টকা ব্যয় কৰি এতিয়া সৰ্বস্বান্ত পৰিয়ালটো ৷
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কণমানি জনীক দিল্লী AIMS লৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ ওচৰত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ৷ সেয়েহে এতিয়া অসহায় পৰিয়ালটোৱে বিচাৰিছে কোনো লোকৰ সহায়ৰ হাত ৷ পৰিয়ালটোক সহায় কৰিবলৈ ইচ্ছুক কোনো লোকে ভাৰতীয় ষ্টেট বেংকৰ32853124213 নম্বৰৰ একাউন্ট (IFSC. Code SBIN0009193)ত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰি এই পৰিয়ালটোক তেওঁলোকৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে ৷ অথবা যোগাযোগ কৰিব পাৰে 8811909542 নম্বৰত ৷
লগতে পঢ়ক ঃমৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা