অসম

assam

ETV Bharat / state

চলন্ত গাড়ীতে আকস্মিকভাবে মৃত্যু যাত্ৰীৰ - etv bharat

যাত্ৰীবাহী গাড়ীৰ ভিতৰত আকস্মিকভাবে মৃত্যুক সাবতি ল'লে মতিউৰ ৰহমানে। গাড়ীত আহি থকা অৱস্থাতে কি কাৰণত ব্যক্তিজনে এইদৰে মৃত্যুক সাবটিবলগীয়া হ'ল ইয়াৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

চলন্ত গাড়ীতে আকস্মিকভাবে মৃত্যু যাত্ৰীৰ

By

Published : Aug 26, 2019, 10:42 AM IST

টীয়ক, 26 আগষ্টঃ চৰণেহে জানে মৰণৰ ঠাই। সোমবাৰে পুৱাই টীয়কত সংঘটিত হোৱা এক ঘটনাই প্ৰতিফলিত কৰিছে এইষাৰ উক্তি । সোমবাৰে পুৱা ডিব্ৰুগড় অভিমুখে যাবলৈ AS-03-C-5977 নম্বৰৰ এখন ট্ৰেভেলাৰত উঠিছিল গোলাঘাট জিলাৰ নাহৰণি দেৱান গাঁৱৰ মটিউৰ ৰহমান নামৰ এজন ব্যক্তি। যাত্ৰা পথত যাত্ৰীবাহী গাড়ীৰ ভিতৰত আকস্মিকভাবে মৃত্যুক সাবটি ল'লে মতিউৰ ৰহমানে। গাড়ীত আহি থকা অৱস্থাতে কি কাৰণত ব্যক্তিজনে এইদৰে মৃত্যুক সাবতিবলগীয়া হ'ল ইয়াৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ৰহমানৰ অৱস্থা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰহমানক ।বৰ্তমান টীয়ক এফ আৰ ইউত থকা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

চলন্ত গাড়ীতে আকস্মিকভাবে মৃত্যু যাত্ৰীৰ

ABOUT THE AUTHOR

...view details