অসম

assam

ETV Bharat / state

Tense situation at Seleng Tea Estate: কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত চেলেং চাহ বাগিচা

শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে যোৰহাটৰ চেলেং চাহ বাগিচা(Tea Worker dies at work Seleng Tea Estate in Jorhat) । চাহ বাগিচাৰ চিকিৎসালয়ত উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ।

By

Published : Feb 28, 2023, 1:11 PM IST

Tea Worker dies at work Seleng Tea Estate in Jorhat
কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত চেলেং চাহ বাগিচা

কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত চেলেং চাহ বাগিচা

যোৰহাট,২৮ ফ্ৰেব্ৰুৱাৰী:যোৰহাটৰ চেলেং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি(Seleng Tea Estate in Jorhat) । কৰ্তব্যৰত অৱস্থাত এজন চাহ শ্ৰমিকৰ মৃত্যুক লৈ মৰিয়নিৰ চেলেং চাহ বাগিচাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ(Tense situation at Seleng Tea Estate) । শ্ৰমিকৰ এটা জৰাজীৰ্ণ আৱাসগৃহ পুনঃ মেৰামতিৰ বাবে ঘৰৰ মুধচত উঠোতে দুৰ্ভাগ্যবশত শ্ৰমিক ৰাজু পান তাঁতী তললৈ সৰি পৰি গুৰুত্ব ভাবে আঘাট প্ৰাপ্ত হয় । ইয়াৰ পিছতে সংকটজনক অৱস্থাত আহত শ্ৰমিক ৰাজু পান তাঁতীক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও সোমবাৰে শ্ৰমিকজনৰ মৃত্যু হয়(Tea Worker dies at work Seleng Tea Estate in Jorhat) ।

এই ঘটনা সন্দৰ্ভত শ্ৰমিকজনৰ মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি চেলেং চাহ বাগিছাত চাহ শ্ৰমিক সকলে কলঘৰ ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত জিলা প্ৰশাসনৰ হস্তক্ষেপত পৰিস্থিতি কিছু শাম কাটে । লগতে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা শ্ৰমিকজনক শ্ৰমিক আইনৰ অধীনত সকলো সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে বাগিচা কৰ্তৃপক্ষই । উল্লেখ্য যে ঘৰৰ মুধচৰ পৰা পৰি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত শ্ৰমিকজনক উপযুক্তভাৱে চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী শ্ৰমিকসকলে ।

লগতে পঢ়ক:Assamese movie Black N White : ৰবি শৰ্মা কেনেকৈ অকলশৰীয়া ! নিজকে ৰবি শৰ্মাৰ ফেন আখ্যা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

শ্ৰমিকগৰাকীয়ে উপযুক্ত প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত হোৱা গুৰুত্ব অভিযোগ উথাপন কৰি ন্যায় বিচাৰি এইদৰে চাহ শ্ৰমিকসকলে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে শ্ৰমিকসকলে । পৰৱৰ্তী সময়ত প্ৰতিবাদ এনে পৰ্যায় পায়গৈ যে শ্ৰমিকসকলে যিকোনো মুহুৰ্ততে বাগিচাখনৰ ভিতৰত এক ভয়ংকৰ পৰিৱেশ সুচনা কৰিবলৈ ধাৱমান হৈছিল । কিন্ত একাংশ সচেতন লোক আৰু প্ৰশাসনৰ বুজনিত এই পৰিস্থিতিৰ অৱসান ঘটে ।

আনহাতে যোৰহাট মৰিয়নি চেলেং চাহ বাগিচাত যিকোনো অনাকাংক্ষিত পৰিৱেশৰ যাতে পুনৰ সুচনা নহয়, তাৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । তাৎপৰ্যপূৰ্ণ যে বিগত সময়তো মৰিয়নি চেলেং চাহ বাগিচাত এনেধৰণ ঘটনা সংঘটিত হৈ আহিছে । কিন্তু ইমানৰ পিছতো শিক্ষা লোৱা নাই চেলেং চাহ বাগিচা কৰ্তৃপক্ষই ।

লগতে পঢ়ক:Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details