অসম

assam

ETV Bharat / state

অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে যোগান বিভাগৰ অভিযান

সমগ্ৰ ৰাজ্যতে এচাম অসাধু ব্যৱসায়ীৰ ওপৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অবৈধভাৱে মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সময়তে বুধবাৰে হঠাৎ যোৰহাট জিলাৰ টীয়কত যোগান বিভাগে চলালে অভিযান ৷

By

Published : May 20, 2021, 5:57 PM IST

supply_departments_mission_againts_price hike
অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে যোগান বিভাগৰ অভিযান

টীয়ক , 19 মে’ :যোৰহাট জিলাৰ টীয়কত বুধবাৰে যোগান বিভাগে হঠাতে চলালে অভিযান ৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক দাম লোৱা ব্যৱসায়ীক সকীয়নি প্ৰদান কৰি টীয়কৰ বজাৰত হঠাৎ যোগান বিভাগে চলালে এই অভিযান । যোগান পৰিদৰ্শক মুখ্যধৰ দাসৰ নেতৃত্বত দোকানে দোকানে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ বিভাগটোৱে চলালে এই অভিযান । নিৰ্ধাৰিত মূল্যতকৈ অধিক দাম লোৱা ব্যৱসায়ীক সকীয়নি প্ৰদান কৰিলে যোগান বিভাগে ।

যি সময়ত ক'ভিড -১৯ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত একাংশ ব্যৱসায়ীয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অধিক হাৰত বঢ়াই যোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেই সময়তে কোনো ব্যৱসায়ীয়ে যাতে সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই অধিক দাম ল’ব নোৱাৰে সেই লৈ এতিয়া কঠোৰ হৈ পৰিছে যোগান বিভাগ ।

যোগান বিভাগৰ এই অভিযান কালত পৰিদৰ্শক মুখ্যধৰ দাসে অৱগত কৰা অনুসৰি মহামাৰীৰ সময়ত সামগ্ৰীৰ অধিক দাম লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত ল’ব জিলা প্ৰশাসনে ।

লগতে পঢ়ক :শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা

ABOUT THE AUTHOR

...view details