যোৰহাট, 29 মে' : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষনা কৰা পাছৰে পৰা ৰাজ্যখনৰ প্ৰায় সকলোবোৰ মহাবিদ্যালয় তথা বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ পিচে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতে নামভৰ্তিৰ বাবে বিপাঙত পৰিছে দৰিদ্ৰ শিক্ষাৰ্থী ৷
বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত অনিশ্চয়তাত দৰিদ্ৰ শিক্ষাৰ্থী - বিনামূলীয়া নামভৰ্তিৰ নিৰ্দেশনা
মহাবিদ্যালয়সমূহে এতিয়াও লাভ কৰা নাই বিনামূলীয়া নামভৰ্তিৰ নিৰ্দেশনা ৷ বিমোৰত মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে দৰিদ্ৰ শিক্ষাৰ্থী ৷
বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হ'ব নেকি দৰিদ্ৰ শিক্ষাৰ্থী ?
কিয়নো দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিনামূলীয়া নামভৰ্তিৰ নিৰ্দেশনা আহি পৰা নাই মহাবিদ্যালয়সমূহলৈ ৷ ফলত এতিয়া নামভৰ্তি প্ৰক্ৰিয়াক লৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিমোৰত পৰিছে দৰিদ্ৰ শিক্ষাৰ্থীসকল ৷ নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে বৰ্তমানেও চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া নামভৰ্ত্তি প্ৰক্ৰিয়া নিৰ্দেশনা নহাৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে বুলি মন্তব্য যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষৰ ।