টীয়ক, 18 ফেব্ৰুৱাৰী :শুকুৰবাৰে টীয়ক সমষ্টিৰ দলীয় সতীৰ্থ তথা শুভাকাংক্ষীসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ অৰ্থে বিধায়ক তথা টীয়কৰ সন্তান অখিল গগৈ টীয়কৰ হাস্পতাল তিনিআলিস্থিত মা বিবাহ ভৱনত উপস্থিত হয় (Akhil Gogoi interaction with people of Teok) ৷
উক্ত সভাত ৰাজ্যিক কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, যোৰহাট জিলাৰ সভাপতি দিলীপ বৰদলৈ, কেন্দ্ৰীয় তথ্য প্ৰচাৰৰ সম্পাদক দেবাংগ সৌৰভ গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকে ।
টীয়ক সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি চাইদুল হুচেইন আৰু সম্পাদক মৃদুল বৰাই আঁত ধৰা উক্ত সভাত অখিল গগৈয়ে দেশৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে ৷ লগতে তেওঁ এই সভাতে কেন্দ্ৰীয় চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷ আনকি দেশ তথা ৰাজ্য বচোৱাৰ স্বাৰ্থৰ বিজেপি দলৰ বিপক্ষে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনাই শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।