অসম

assam

ETV Bharat / state

প্ৰতিবাদৰ মাজতে 855 গৰাকী শ্বহীদক স্মৰণ! - Shaheed Diyas celebrating _mla rupjyoty kurmi at_ Boogadai and coton cotton university

শ্বহীদ দিৱস উপলক্ষে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভৌগদৈৰ বুকুত শ্বহীদ প্ৰণাম লিখি শ্বহীদক প্ৰণাম জনোৱাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ৷

Shaheed Diyas celebrating _mla rupjyoty kurmi at_ Boogadai and coton cotton university
855 গৰাকী শ্বহীদক স্মৰণ!

By

Published : Dec 10, 2019, 11:20 PM IST

গুৱাহাটী়,যোৰহাট,10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস উপলক্ষে ভোগদৈ নৈৰ বলুকাত এক অভিনৱ পদ্ধতিৰে শ্বহীদ দিৱস উদযাপন কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ভোগদৈৰ বুকুত ''শ্বহীদ প্ৰণাম'' লিখি দেশৰ হকে প্ৰাণ দিয়া শ্বহীদসকলক স্মৰণ কৰে বিধায়কগৰাকীয়ে ৷

ইয়াৰ লগতে সোমবাৰে লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰুদ্ধে বিধায়কগৰাকী সৰৱ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বন জনায় বিধায়কগৰাকীয়ে ৷

ভৌগদৈৰ বুকুত উদযাপন শ্বহীদ দিৱস


আনহাতে, ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত তথা জাতীয় শ্বহীদ সকলৰ স্মৃতিত কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো পালন কৰা হয় শ্বহীদ দিৱস ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধা জনায় ।

কটন বিশ্ববিদ্যালয়ত উদযাপন শ্বহীদ দিৱস

ইফালে, 855 শ্বহীদৰ ত্যাগৰ মূল্যক পাহৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আনিব বিচাৰিছে বুলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মন্তব্য কৰি কেবৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

অন্য এক খবৰৰ বাবে : কামপুৰত বন্ধ সমৰ্থকে জ্বলাই দিলে যাত্ৰীবাহী টেম্প'

ABOUT THE AUTHOR

...view details