অসম

assam

ETV Bharat / state

School amalgamation in Teok: বিদ্যালয় একত্ৰিকৰণৰ বিৰোধিতাৰে শিক্ষকৰ ৰূপত অভিভাৱক - Parents against school amalgamation in Teok

ৰাজ্য়জুৰি বিদ্যালয় একত্ৰিকৰণক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে(Parents against school amalgamation in Teok)। ইয়াৰ মাজতে একত্ৰিকৰণক লৈ অনিশ্চয়তাত থকা টীয়কৰ জাঁজীমুখৰ ফুকনবাৰী প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিলে অভিভাৱকে । শিক্ষকৰ অভাৱত অভিভাৱকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

School amalgamation in Teok
বিদ্যালয় একত্ৰিকৰণৰ বিৰোধিতাৰে শিক্ষকৰ ৰূপত অভিভাৱক

By

Published : Jul 26, 2022, 2:27 PM IST

টীয়ক, ২৬ জুলাই:মাহযোৰা গৰম বন্ধৰ পাছত মঙলবাৰৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে । প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত পাঠ গ্ৰহণৰ বাবে উপস্থিত হৈছে যদিও অভিভাৱক সকলে বিদ্যালয় একত্ৰিকৰণক লৈ বিপাঙত পৰিছে(School amalgamation problem in Teok)। কাৰণ বিদ্যালয় একত্ৰিকৰণক লৈ আজিও অনিশ্চয়তাত বহু বিদ্যালয় ।

বিদ্যালয় একত্ৰিকৰণৰ বিৰোধিতাৰে শিক্ষকৰ ৰূপত অভিভাৱক

একত্ৰিকৰণক লৈ অনিশ্চয়তাত ভুগিছে টীয়কৰ জাঁজীমুখৰ ফুকনবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকল । সেইবাবে মঙলবাৰে শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ'ল অভিভাৱক(parent appeared as a teacher in Teok)। মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ ফুকনবাৰী প্ৰাথমিক বিদ্যালয়ৰত অভিভাৱকে শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিদ্যালয় একত্ৰিকৰণৰ বিৰোধিতাৰে শিক্ষকৰ ৰূপত অভিভাৱক

উল্লেখ্য় যে ১৯৭৫চনতে স্থাপন হোৱা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী থকাৰ পিছতো প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ এখন বিদ্যালয়ত একত্ৰিকৰণ কৰাত ক্ষুব্ধ হৈ পৰিছে অভিভাৱক সকল । এই সন্দৰ্ভত বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নকৰাত এতিয়া অভিভাৱক সকলেই পাঠদান কৰিছে শিশুসকলক । অনতি পলমে বিদ্যালয়খনত শিক্ষক নিযুক্তি দি শিশুসকলক নিয়মীয়াকৈ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে অভিভাৱকসকলে ।

লগতে পঢ়ক:Tripura BJP political crisis: ত্ৰিপুৰাত বিজেপিৰ বিধায়কে যোগ দিব কংগ্ৰেছত

ABOUT THE AUTHOR

...view details