যোৰহাট, ১৫ মাৰ্চ: শুকুৰবাৰে যোৰহাটত নায্য প্ৰাপ্তিৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদে জিলা উপায়ুক্ত কাযালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে।
অনুসূচিত জাতি যুৱ ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট - যোৰহাট
অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্ব্বাঙ্গীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ্যখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমূহক প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থাৰ দৰেই অনুসূচিত জাতিক স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ।
FDTH
উল্লেখ্য যে, অনুসূচিত জাতিক স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ব্যৱস্থা কৰা লগতে বিভিন্ন সময়ত চৰকাৰে জাতিটোৰ লোকসকলৰ কল্যাণৰ বাবে কোনোধৰণৰ সুদুৰপ্ৰসাৰী কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এতিয়াও উন্নতি হোৱা নাই অনুসূচিত জাতিৰ ।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতিশীঘ্ৰে জাতিটোৰ উন্নয়নৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণকৰে সংগঠনটোৱে।
Last Updated : Mar 15, 2019, 2:12 PM IST